নিউজ ডেস্ক, 11 ছেপ্তেম্বৰ:শুকুৰবাৰে বিশেষ আদালতে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীৰ জামিন আবেদন সন্দৰ্ভত কৰিলে ৰায়দান ৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগত জড়িত মাদক দ্ৰব্য সম্বন্ধিত এক গোচৰৰ ভিত্তিত NCB য়ে গ্ৰেপ্তাৰ কৰিছিল ৰিয়া চক্ৰৱৰ্তী আৰু সৌভিক চক্ৰৱৰ্তীক ৷
ৰিয়া আৰু সৌভিকৰ বাবে দাখিল কৰা জামিন আবেদন শুকুৰবাৰে নাকচ কৰে বিশেষ আদালতে ৷ ইয়াৰোপৰি আদালতে এই গোচৰত অভিযুক্ত আন 4 জন অভিযুক্তৰো জামিন আবেদন নাকচ কৰে ৷