অসম

assam

ETV Bharat / bharat

সুশান্তৰ মৃত্যুৰ তদন্ত: ৰিয়াৰ ভাতৃ শৌভিক, ছেমুৱেল মিৰাণ্ডাক আটক কৰিলে NCBয়ে - ৰিয়াৰ ভাতৃ শৌভিক, ছেমুৱেল মিৰাণ্ডাক আটক কৰিলে NCBয়ে

নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ তদন্তত সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে সম্পৰ্ক থকাৰ কথা পোহৰলৈ অহাৰ পিছতে আটক কৰা হৈছে ৩টা ড্ৰাগছ সৰবৰাহকাৰীক। শুক্ৰবাৰে ৰিয়াৰ ভাতৃ শৌভিক চক্ৰৱৰ্তী আৰু ছেমুৱেল মিৰাণ্ডাক আটক কৰিলে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই।

সুশান্তৰ মৃত্যুৰ তদন্ত: ৰিয়াৰ ভাতৃ শৌভিক, ছেমুৱেল মিৰাণ্ডাক আটক কৰিলে NCBয়ে
সুশান্তৰ মৃত্যুৰ তদন্ত: ৰিয়াৰ ভাতৃ শৌভিক, ছেমুৱেল মিৰাণ্ডাক আটক কৰিলে NCBয়ে

By

Published : Sep 4, 2020, 1:47 PM IST

চিটাৰা ডেস্ক, ৪ ছেপ্টেম্বৰ:অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত ড্ৰাগছ সেৱনৰে নাম সাঙোৰ খোৱাৰ পিছত নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই আটক কৰিলে ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক চক্ৰৱৰ্তী আৰু ছেমুৱেল মিৰাণ্ডাক। নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ ৫জনীয়া দলে শুক্ৰবাৰে আটক কৰে দুয়োজনকে। ইয়াৰ পূৰ্বে জৈড বিলাত্ৰা, আব্দুল বাসিত পৰিহাৰ আৰু আন এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। এই ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰে ৰিয়াৰ ভাতৃ শৌভিক চক্ৰৱৰ্তী আৰু ছেমুৱেল মিৰাণ্ডাৰ কি সম্পৰ্ক আছে এই বিষয়ত দুয়োজনকে সোধ-পোচ কৰিব বুলি প্ৰকাশ কৰিছে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ বিষয়াই। বৃহস্পতিবাৰে অভিনেতাগৰাকীৰ মৃত্যু সন্দৰ্ভত প্ৰথমবাৰৰ বাবে তেওঁৰ মনোবৈজ্ঞানিক সুসান ৱাকৰকো প্ৰশ্ন কৰে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই।

সুশান্তৰ মৃত্যুৰ তদন্ত: ৰিয়াৰ ভাতৃ শৌভিক, ছেমুৱেল মিৰাণ্ডাক আটক কৰিলে NCBয়ে
সুশান্তৰ মৃত্যুৰ তদন্ত: ৰিয়াৰ ভাতৃ শৌভিক, ছেমুৱেল মিৰাণ্ডাক আটক কৰিলে NCBয়ে

দিনৰ ১ বজাৰ পৰা বিয়লি ৪ বজা পৰ্যন্ত মুম্বাইৰ কালিনাস্থিত DRDOৰ অতিথিশালাত মনোচিকিত্সক সুসান ৱাকৰ উপস্থিত আছিল বুলি মতপ্ৰকাশ কৰিছে। আনহাতে অনুসন্ধানকাৰী দলে তৃতীয় দিনাৰ বাবে ৰিয়াৰ পিতৃক সোধ-পোচ কৰে। দিনৰ ১১.৩০বজাৰ পৰা বিয়লি ৩.৩০বজালৈকে DRDOৰ অতিথিশালাত তেওঁ উপস্থিত থাকে বুলি মন্তব্য কৰিছে তদন্তকাৰী বিষয়াই। উল্লেখ্য যে, ৰিয়া আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে সুশান্তক আত্মহত্যাৰ বাবে উচতনি দিয়াৰ অভিযোগ দাখিল কৰা হৈছে। বিগত দুটা দিনত ৰিয়াৰ পিতৃক ১৮ ঘণ্টাৰো অধিক সময়ৰ বাবে জেৰা চলাইছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই। আনহাতে বিগত ৪ দিনত ৰিয়াক ৩৫ ঘণ্টাৰ বাবে জেৰা চলোৱা হয়। সুশান্তৰ মৃত্যুৰ পিছত মুম্বাই আৰক্ষীয়ে ৫০জনৰো অধিক লোকৰ জবানবন্দী লৈছে। সুশান্তৰ পিতৃৰ গোচৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে অনুসন্ধানকাৰী সংস্থাই।

সুশান্তৰ মৃত্যুৰ তদন্ত: ৰিয়াৰ ভাতৃ শৌভিক, ছেমুৱেল মিৰাণ্ডাক আটক কৰিলে NCBয়ে
সুশান্তৰ মৃত্যুৰ তদন্ত: ৰিয়াৰ ভাতৃ শৌভিক, ছেমুৱেল মিৰাণ্ডাক আটক কৰিলে NCBয়ে

লগতে পঢ়ক :কৰ'ণাৰ সংকটকালত বিদেশী ছাত্ৰক নিজ দেশলৈ উভতাই নিবলৈ আহ্বান ভাৰতৰ

ABOUT THE AUTHOR

...view details