অসম

assam

চোৰাংচোৱাৰ বিফলতাই বিস্ফোৰণৰ মূল কাৰণঃ শ্ৰীলংকা চৰকাৰ

By

Published : Apr 22, 2019, 3:18 PM IST

ধাৰাবাহিক বিস্ফোৰণৰ 24 ঘন্টাৰ পিচতে শ্ৰীলংকাৰ চৰকাৰে বিস্ফোৰণক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে

শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণ

নিউজ ডেস্ক, 22 এপ্ৰিলঃসমগ্ৰ বিশ্বক কপাই তোলা শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ আঁৰত আত্মঘাতী বোমাৰু আছিল ৷ এই কথা প্ৰকাশ কৰিছে দেশখনৰ চৰকাৰৰ এক শীৰ্ষ সূত্ৰই ৷ শ্ৰীলংকা চৰকাৰৰ এগৰাকী শীৰ্ষ বিষয়া এ ৱেলিংগাই স্থানীয় সংবাদ প্ৰতিষ্ঠান "দেইলি মিৰৰ"ৰ আগত প্ৰকাশ কৰা অনুসৰি সোমবাৰে সংঘটিত হোৱা ধাৰাবাহিক বিস্ফোৰণৰ আঁৰত আছিল আত্মঘাতী বোমাৰু ৷

শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণ

দেশখনত সংঘটিত হোৱা বিস্ফোৰণৰ আগতীয়া সম্ভেদ চোৰাংচোৱাৰ হাতত আছিল ৷ সেই অনুসৰিয়ে চোৰাংচোৱা বিভাগে আৰক্ষী বিভাগৰ লগতে অন্যান্য সংশ্লিষ্ট বিভাগসমূহক সচেতন কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত এই বিষয়টো গুৰুত্ব সহকাৰে নলৈ এৰাই চলিছিল দেশখনৰ চোৰাংচোৱাকে ধৰি আৰক্ষী তথা অন্যান্য সংশ্লিষ্ট বিভাগসমূহে ৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত দেশখনৰ আৰক্ষীয়ে নিজাববীয়াকৈ অভিযান আৰম্ভ কৰিছে আৰু কি কাৰণত এনেকুৱা তথ্য এৰাই চলা হৈছিল সেই বিষয়ে তদন্ত আৰম্ভ কৰিছে ৷

বিস্ফোৰণৰ ফলত নিহতৰ সংখ্যা 290গৰাকীলৈ বৃদ্ধি পোৱাৰ লগতে আহতৰ সংখ্যা 500লৈ বৃদ্ধি পাইছে ৷ ঘটনা সন্দৰ্ভত দেশখনৰ আৰক্ষীয়ে বৰ্তমানলৈ 24গৰাকী লোকক আটক কৰিছে ৷ দেশখনৰ প্ৰধানমন্ত্ৰীৰ ভাষ্য অনুসৰি গ্ৰেপ্তাৰ হোৱা অধিকাংশ লোকেই স্থানীয় আৰু ইয়াৰ সৈতে কোনো বিদেশী শক্তি জড়িত হৈ আছে নে নাই সেই বিষয়ে সোধাপোচা অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details