অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ সেনা চাউনীৰ পৰা বিশেষ আৰক্ষী বিষয়া সন্ধানহীন - আলতাফ হুছেইন

বুধবাৰে জম্মু-কাশ্মীৰৰ বুদগাম জিলাস্থিত চাদোৰা এলেকাৰ পৰা এগৰাকী বিশেষ আৰক্ষী বিষয়া সন্ধানহীন। বিষয়া গৰাকীৰ সৈতে আছিল দুই AK-47 ৰাইফলসহ তিনিটা মেগজিন।

জম্মু-কাশ্মীৰত সেনা সন্ধানহীন
জম্মু-কাশ্মীৰত সেনা সন্ধানহীন

By

Published : Oct 14, 2020, 12:30 PM IST

নিউজ ডেস্ক,14 অক্টোবৰ:জম্মু-কাশ্মীৰৰ বুদগাম জিলাত বুধবাৰে এক আৰক্ষী চাউনীৰ পৰা দুই AK-47 ৰাইফলসহ সন্ধানহীন হয় এগৰাকী বিশেষ আৰক্ষী বিষয়া। উল্লেখ্য যে,দুদিন পূৰ্বে জিলাখনৰ আন এটা সীমা সুৰক্ষা বাহিনীৰ চাউনীৰ পৰা আন এগৰাকী জোৱান সন্ধানহীন হোৱাৰ বাতৰি প্ৰকাশ পাইছিল।

জম্মু-কাশ্মীৰত সেনা সন্ধানহীন

আৰক্ষীৰ সূত্ৰ‌ই জনোৱা মতে,জিলাখনৰ চাদোৰা এলেকাৰ পৰা বিশেষ আৰক্ষী বিষয়া গৰাকী এক বিশেষ অভিযান দলৰ পৰা দুই AK-47 ৰাইফল আৰু তিনিটা মেগজিনসহ সন্ধানহীন হয়। প্ৰাপ্ত তথ্য অনুসৰি,চাউনীত থকা বহুসংখ্যক বিশেষ আৰক্ষী জোৱানক অস্ত্ৰ ব্যৱহাৰ আৰু অন্য প্ৰশিক্ষণ দিয়া হোৱা নাই। সন্ধানহীন হোৱা আৰক্ষী বিষয়া গৰাকী এছ.এছ.বিৰ 14 সংখ্যক বেটেলিয়নৰ আলতাফ হুছেইন বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়ক: লাডাখৰ সূচিলত ভাৰত-চীনৰ কামণ্ডাৰ পৰ্যায়ৰ সপ্তমলানি বৈঠক সম্পন্ন

ABOUT THE AUTHOR

...view details