নেশ্যনেল ডেস্ক, ৫ছেপ্টেম্বৰ: ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী আৰু নৌসেনা একাডেমীৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ যাতায়তৰ সুবিধাৰ্থে বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিব দক্ষিণ মধ্য ৰে'লৱেই । পুণে-হায়দৰাবাদ আৰু মুম্বাই এল টি টি-হায়দৰাবাদ ৰে'লমাৰ্গেৰে যাত্ৰা কৰিব ৪ খন বিশেষ ৰে'ল ।
স্থল আৰু নৌসেনা একাডেমীৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে বিশেষ ৰে'লৰ ব্যৱস্থা
কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ মাজতো দক্ষিণ মধ্য ৰে'লৱেই ৪ খন বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিব। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী আৰু নৌসেনা একাডেমীৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীৰ বাবে এই বিশেষ ৰে'লৰ ব্যৱস্থা কৰা হ'ব।
দক্ষিণ মধ্য ৰে'লৱেই বিবৃত্তিত প্ৰকাশ কৰা তথ্য অনুসৰি পুণে আৰু হায়দৰাবাদৰ মাজত চলিবলগীয়া এখন ৰে'লে শনিবাৰে দিনৰ ২,১৫বজাত পুণেৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু দেওবাৰে পুৱা ৪ বজাত হায়দৰাবাদ গৈ পাব। পুনৰ ৬ ছেপ্টেম্বৰৰ নিশা ১০.৪৫ বজাত হায়দৰাবাদৰ পৰা পুণে অভিমুখে ৰাওনা হ'ব ।
আনহাতে, আন এখন বিশেষ ৰে'ল মুম্বাই এল টি টিৰ পৰা শনিবাৰে দিনৰ ২বজাত হায়দৰাবাদ অভিমুখে যাত্ৰা কৰিব আৰু দেওবাৰে নিশা ৯.১৫বজাত হায়দৰাবাদ গৈ পাব । হায়দৰাবাদৰ পৰা ৭ছেপ্টেম্বৰত দিনৰ ১১.১৫বজাত উভতনি যাত্ৰা কৰিব ৰে'লখনে। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী আৰু নৌসেনা একাডেমীৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে চলাচলৰ ব্যৱস্থা কৰা এই ৰে'লকেইখনত আছে এ চি থ্ৰী টায়াৰ, স্লীপাৰ আৰু জেনেৰেল ছেকেণ্ড ক্লাছৰ ডবা । প্ৰৱেশ পৰীক্ষাৰ পৰা পৰীক্ষাৰ্থীসকল যাতে বঞ্চিত নহয়, তাৰ বাবে বিশেষ ৰে'লকেইখনৰ ব্যৱস্থা কৰা হৈছে ।