নিউজ ডেস্ক, 4 মাৰ্চঃএগৰকী গৌৰৱান্বিত পিতৃ, যিগৰাকী পিতৃৰ জীয়ৰী কেৱল পদ্মভূষণৰ বাবে নিৰ্বাচিত হোৱাই নহয়, ৱৰ্ল্ড গেমছ এথলীট অৱ দ্যা ইয়েৰ পুৰস্কাৰেৰেও পুৰস্কৃত ৷ হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ এখন সৰু ঠাই শ্বাহাবাদৰ নিবাসী ৰাণী ৰামপালে ভাৰতৰ ত্ৰিৰংগাক এক উচ্চ শিখৰত উপবিষ্ট কৰিবলৈ সক্ষম হৈছে ৷ চতুৰ্থ শ্ৰেণীত থাকোতেই হকী ষ্টিকত খামোছ মৰা এইগৰাকী খেলুৱৈক পদ্মশ্ৰীৰ বাবে নিৰ্বাচন কৰা হৈছে ৷ তেওঁৰ মাতৃ-পিতৃৰ চকুত এই গৌৰৱ উজ্বলতাৰে জিলিকি থাকে ৷
1994 চনৰ 4 ডিচেম্বৰত মাৰকণ্ডাত ৰামপাল আৰু ৰামমূৰ্তিৰ ঘৰত জন্ম গ্ৰহণ কৰা ছোৱালীজনীৰ নাম ৰখা হয় ৰাণী ৷ ৰামপালে ঘোঁৰা গাড়ী চলাই নিজ পৰিয়ালটোৰ ভৰন-পোষণ কৰে ৷ যেতিয়া ৰাণী চতুৰ্থ শ্ৰেণীত পঢ়িছিল, তেতিয়া খেলপথাৰত ছোৱালীবোৰে খেলি থকা দেখি তেওঁৰো মনত হকী খেলাৰ ইচ্ছা জাগ্ৰত হয় ৷ তেওঁ মাত্ৰ 13 বছৰ বয়সতে ভাৰতীয় মহিলা হকী দলত অন্তৰ্ভুক্ত হৈছিল ৷
লাহে লাহে ৰাণীয়ে হকীত যথেষ্ট দক্ষতা দেখুৱায় আৰু ভাৰতীয় হকী দলৰ অধিনায়ক হয় ৷ হকীৰ ক্ষেত্ৰখনত যিমানেই তেওঁ আগবাঢ়ে সিমানেই তেওঁৰ পৰিয়ালৰ পৰিস্থিতিতো শুধৰণি আহে ৷ ৰাণীয়ে আন্তঃৰাষ্ট্ৰীয় স্তৰত নিজৰ ঠাইখনৰ লগতে ভাৰতৰো নাম উজ্বলায় ৷ ৰাণী ঘৰখনৰ আটাইতকৈ সৰু ৷ তেওঁৰ এগৰাকী ককায়েক ৰে'লৱেত কৰ্মৰত আৰু আনগৰাকী কোনো মতে কাম কৰি নিজৰ ঘৰখন চলাই আছে ৷