অসম

assam

ETV Bharat / bharat

লকডাউনৰ সময়ছোৱাত ভাৰতীয় ৰেলৱে'ৰ উপাৰ্জন কোটি টকা

ভাৰতীয় ৰে'ল সেৱাই লক ডাউনৰ সময়ছোৱাত গ্ৰহণ কৰে বিশেষ পদক্ষেপ । ৰে'ল বিভাগে যাত্ৰীবাহী ৰে'লেৰে জনসাধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই উপাৰ্জন কৰে ৭.৫৪ কোটি টকা ।

লক ডাউন
লক ডাউন সময়ছোৱাত বিশেষ পাৰ্চেল ৰে'ল সেৱাৰ উপাৰ্জন কোটি কোটি টকা

By

Published : Apr 15, 2020, 11:53 PM IST

নিউজ ডেস্ক, ১৫ এপ্ৰিলঃ দেশজুৰি চলা ২১ দিনীয়া লকডাউনৰ সময়ছোৱাত ভাৰতীয় যাত্ৰীবাহী ৰে'ল সেৱাৰ মাধ্যমেৰে উপাৰ্জন হয় ৭.৫৪ কোটি টকা । লকডাউনৰ সময়ত ভাৰতীয় ৰে'ল সেৱাই যাত্ৰীবাহী ৰে'লসমূহ মালবস্তু কঢ়িওৱাৰ বাবে ব্যৱহাৰ কৰে ।

লক ডাউন সময়ছোৱাত বিশেষ পাৰ্চেল ৰে'ল সেৱাৰ উপাৰ্জন কোটি কোটি টকা

ৰেল মন্ত্ৰণালয়ৰ এজন বিষয়ৱবীয়াৰ ভাষ্য অনুসৰি, বিশেষভাৱে পাৰ্চেল কঢ়িওৱা ভেন সমূহ ই-কমাৰ্চ সংস্থা আৰু ৰাজ্য চৰকাৰ সহিতে অন্য গ্ৰাহকসকলৰ দ্বাৰা পৰিৱহণ ব্যৱস্থাত অন্তৰ্ভূক্ত কৰা হৈছিল । আৰু তেতিয়াই ৰে'ল বিভাগে সময় অনুযায়ী বিশেষ পাৰ্চেল ৰে'ল সেৱাৰ ব্যৱস্থা কৰাৰ কথা সদৰী কৰে । সময়মতে সকলো অত্যাৱশ্যকীয় সামগ্ৰী জনসাধাৰণে লাভ কৰাৰ বাবেই ভাৰতীয় ৰে'ল সেৱাই এই পদক্ষেপ গ্ৰহণ কৰে ।

১৪ এপ্ৰিললৈ ৭৭ খন ৰে'লৰ ৭৫ খনে ৰে'ল সময় অনুযায়ী বিশেষ পাৰ্চেল ৰে'ল সেৱালৈ ৰূপান্তৰ কৰা হয় । য'ত 1,835 টন সামগ্ৰী কঢ়িয়াই ১ দিনত ৬৩ লাখ পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

...view details