অসম

assam

ETV Bharat / bharat

চেন্নাইৰ পৰা অসমলৈ যাত্ৰা শ্ৰমিক ভৰ্তি ৰে'লৰ - উত্তৰ-পূৱ

বহিঃৰাজ্যত আৱদ্ধ লোক সকলক উভতাই আনিবৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ বিশেষ ৰে'ল সেৱাৰ জৰিয়তে উভতাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইতিমধ্যে চেন্নাইৰ পৰা যাত্ৰা আৰম্ভ কৰিছে বিশেষ শ্ৰমিক ৰে'ল ৷

Special labour train start chenai to guwhati
চেন্নাইৰ পৰা অসমলৈ যাত্ৰা শ্ৰমিক ভৰ্তী ৰে'ল

By

Published : May 12, 2020, 9:37 PM IST

গুৱাহাটী, 12 মে' : বহিঃৰাজ্যত আৱদ্ধ অসমৰ লোকসকলক উভতাই অনাৰ বাবে চৰকাৰে আৰম্ভ কৰিছে বিশেষ শ্ৰমিক ৰে'ল সেৱা ৷

ইতিমধ্যেই চেন্নাইৰ পৰা 1000 যাত্ৰীলৈ ৰে'লখন গুৱাহাটী অভিমুখী ৰাওনা হৈছে । অহা 14 মে' গুৱাহাটী আহি পাব অসম চৰকাৰৰ তত্ত্বাৱধানত চলোৱা এই শ্ৰমিক ৰে'লখন ৷

উল্লেখযোগ্য যে, বহিঃৰাজ্যত আৱদ্ধ লোকসকলক উভতাই অনাৰ বাবে এই সেৱা আৰম্ভ কৰা হৈছে ৷

আৱদ্ধ লোকসকলক উভতাই অনাৰ বাবে আইন শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছিল চৰকাৰে । এই কমিটিখনে সকলো দিশ পৰ্যৱেক্ষণ তথা বিভিন্ন যাত্ৰীৰ আবেদনৰ ভিত্তিত প্ৰথমখন ৰে'ল চলোৱাৰ সিদ্ধান্ত লৈছে ।

চেন্নাইৰ পৰা অসমলৈ যাত্ৰা শ্ৰমিক ভৰ্তী ৰে'ল

এই শ্ৰমিক ৰে'লত কেৱল চৰকাৰে অনুমতি দিয়া লোকহে আহিব পাৰিব বুলি পাৰিব বুলি উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : মাজুলীৰ ভৌগলিক সুৰক্ষাৰ বাবে অভিনৱ পদক্ষেপ !

ABOUT THE AUTHOR

...view details