অসম

assam

ETV Bharat / bharat

ওমানৰ পৰা 166 জন ভাৰতীয়ক উদ্ধাৰ কৰি হায়দৰাবাদত উপস্থিত বিশেষ বিমান

বন্দে ভাৰত অভিযানৰ অংশ হিচাৰে ওমানৰ পৰা 166 জন ভাৰতীয়ক উদ্ধাৰ কৰি হায়দৰাবাদত উপস্থিত হয় এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানখন । হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় বিমানখন ।

By

Published : May 19, 2020, 4:36 PM IST

হায়দৰাবাদত উপস্থিত বিশেষ বিমান
হায়দৰাবাদত উপস্থিত বিশেষ বিমান

নিউজ ডেস্ক, 19 মে': সোমবাৰে এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানে ওমানৰ মুস্কাতৰ পৰা 166 গৰাকী যাত্ৰী কঢ়িয়াই ভাৰতত উপস্থিত হয় । ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নিশা উপস্থিত হয় বিমানখন ।

বন্দে ভাৰত অভিযানৰ অংশ হিচাপে এয়াৰ ইণ্ডিয়াৰ বিমানখনে ওমানত আবদ্ধ লোক সকলক উদ্ধাৰ কৰি হায়দৰাবাদত উপস্থিত হয় ।

লোক সকল ভাৰতত উপস্থিত হোৱাৰ পাচত স্ক্ৰিনিং কৰি 14 দিনৰ কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে । প্ৰশাসনে TSRTC ৰ সহায়ত এই লোক সকলত নিৰ্ধাৰিত হোটেল বা কোৱাৰেন্টাইন কেন্দ্ৰলৈ লৈ যায় ।

আনহাতে দেওবাৰে আন এখন বিমানে 183 গৰাকী যাত্ৰী ওমানৰ পৰা কেৰালালৈ আনিছিল । ইফালে পৰৱৰ্তী 20, 21, 22 আৰু 23 মে' তাৰিখেও ওমানৰ পৰা ভাৰতীয় লোকক উদ্ধাৰ কৰি বেংগালুৰু, কালিকাট, দিল্লী, কান্নুৰ, কোচি আৰু গঞালৈ এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান চলিব ।

এই উদ্ধাৰ অভিযান সমূহ বন্দে ভাৰত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অন্তৰ্গত । এই অভিযানত 40 খন দেশৰ পৰা আবদ্ধ হৈ থকা ভাৰতীয়ক উদ্ধাৰ কৰি 149 খন বিমানেৰে ভাৰতলৈ অনা হ'ব ।

ABOUT THE AUTHOR

...view details