নেশ্বনেল ডেস্ক , 25 নৱেম্বৰঃলোকসভাত আপত্তিজনক পৰিস্থিতি সৃষ্টি কৰাৰ বাবে সোমবাৰে সদনৰ পৰা বহিস্কৃত হয় দুগৰাকীকৈ কংগ্ৰেছী সাংসদ ৷ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বহিস্কাৰ কৰে কংগ্ৰেছী সাংসদ হিবি ইদেন আৰু টি.এন প্ৰাথাপানক ৷
সদনৰ পৰা বহিস্কাৰ দুগৰাকী সাংসদ - Speaker may take tough action against 'errant' MPs
লোকসভাৰ শীতকালীন অধিবেশনৰ মাজতে সোমবাৰে সদনৰ পৰা বহিস্কাৰ হয় দুগৰাকীকৈ সাংসদ ৷ সদনৰ মাৰ্চেলক লৈ উপলুঙা কৰাৰ বাবে বহিস্কৃত হয় কংগ্ৰেছী সাংসদ হিবি ইদেন আৰু টি.এন প্ৰাথাপান ৷

সদনৰ পৰা বহিস্কাৰ দুগৰাকী সাংসদ
সংসদৰ প্ৰশ্নকালীন সময়ত 'Stop Murder of Democracy'বুলি লিখা থকা প্লেকাৰ্ডেৰে মাৰ্চেলক লৈ আপত্তিজনক মন্তব্য কৰে সাংসদ দুগৰাকীয়ে যাৰ বাবে এইদৰে বহিস্কৃত হয় দুয়োগৰাকী ৷ দুয়োগৰাকী সাংসদকে ভৱিষ্যতে এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নকৰবিলৈ সাৱধানবাণী প্ৰদান কৰে অধ্যক্ষ ওম বিৰলাই ৷