অসম

assam

ETV Bharat / bharat

কৰ'ণাৰ প্ৰতিষেধকক লৈ বিস্ফোৰক মন্তব্য সমাজবাদী পাৰ্টীৰ নেতা আষোতোশ সিন্হাৰ

সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱৰ মন্তব্যৰ পাচতে এইবাৰ পুনৰ বিস্ফোৰক মন্তব্য সমাজবাদী পাৰ্টীৰ নেতা আষোতোশ সিন্হাৰ । কৰ'ণাৰ প্ৰতিষেধক ল'বলৈ মানুহ শংকিত হৈছে । কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা কৰ'ণাৰ প্ৰতিষেধক প্ৰদানৰ অভিযানকলৈ বিস্ফোৰক মন্তব্য অখিলেশ যাদৱ আৰু আষোতোশ সিন্হাৰ ।

কৰ'ণাৰ প্ৰতিষেধকক লৈ পুনৰ বিস্ফোৰক মন্তব্য ছপা নেতা আষোতোশ সিন্হাৰ
কৰ'ণাৰ প্ৰতিষেধকক লৈ পুনৰ বিস্ফোৰক মন্তব্য ছপা নেতা আষোতোশ সিন্হাৰ

By

Published : Jan 3, 2021, 12:42 PM IST

নেশ্যনেল ডেস্ক, ৩ জানুৱাৰী: দেশজুৰি আৰম্ভ হোৱা কৰ'ণাৰ প্ৰতিষেধক প্ৰদানৰ অনুশীলন অভিযানৰ সময়তে ৰাজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰমণো ইতিমধ্যে আৰম্ভ হৈছে । উত্তৰ প্ৰদেশ চৰকাৰৰ সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱৰ মন্তব্যৰ পাচতে এইবাৰ পুনৰ বিস্ফোৰক মন্তব্য সমাজবাদী পাৰ্টীৰ নেতা আষোতোশ সিন্হাৰ । কৰ'ণাৰ প্ৰতিষেধক সন্দৰ্ভত শনিবাৰে নেতাগৰাকীয়ে অখিলেশ যাদৱৰ মন্তব্যক সমৰ্থন কৰি কয় যে COVID-১৯ প্ৰতিষেধক ল'বলৈ মানুহ শংকিত হৈছে । কিয়নো এই প্ৰতিষেধক ল'লে নপুংশক হোৱাৰ আশংকা কৰা হৈছে । লগতে অখিলেশে কৰ'ণাৰ প্ৰতিষেধক নোলোৱাৰ ঘোষণা কৰাকলৈও কয় যে নিশ্চয়কৈ কোনো তথ্যৰ আধাৰত অখিলেশ যাদৱে এই ঘোষণা কৰে । ইয়াৰেপৰি ৰাজ্যখনৰ লোকেও যাতে কৰ'ণাৰ প্ৰতিষেধক টীকাকৰণ নলয় তাৰবাবেও মিৰ্জাপুৰৰ এক বৈঠকত আহ্বান জনায় ।

উল্লেখ্য যে,কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা প্ৰতিষেধক প্ৰদানৰ অভিযানকলৈ বিস্ফোৰক মন্তব্য কৰিছিল সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱে । তেওঁৰ মতে এয়া কৰ'ণাৰ প্ৰতিষেধক নহয়, বিজেপিৰ প্ৰতিষেধক । এই প্ৰতিষেধক নলয় বুলি কোৱাৰ লগতে চিকিৎসক আৰু বৈজ্ঞানিকসকলক ইয়াৰ জৰিয়তে চৰম অপমান কৰা বুলি বিজেপিৰ ওপৰত অভিযোগ উত্থাপন কৰে অখিলেশ যাদৱে । বিজেপি চৰকাৰৰ দ্বাৰা প্ৰদান কৰা এই প্ৰতিষেধকৰ এপৰত ৰাইজে কেনেদৰে বিশ্বাস কৰিব । লগতে তেওঁ ঘোষণা কৰে ২০২২ চনৰ নিৰ্বাচনত সমাজবাদী পাৰ্টীয়ে ৰাজ্য়খনত চৰকাৰ গঠন কৰি ৰাইজক বিনামূলীয়াকৈ দিব কৰ'ণাৰ প্ৰতিষেধক ।

অখিলেশ যাদৱৰ এই মন্তব্যৰ পাচতে কাউন্সিল অফ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছ চমুকৈ CSIRৰ সাধাৰণ সঞ্চালক ডঃ শেখৰ মাণ্ডে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় য়ে কৰ'ণাৰ প্ৰতিষেধক সম্পূৰ্ণ সুৰক্ষিত । এই প্ৰতিষেধক গ্ৰহণ কৰিলে কোনোধৰণৰ বিৰূপ প্ৰভাৱ নপৰিব মানৱ দেহত । ইয়াৰ বাবে দেশবাসী অধিক আগ্ৰহী হোৱা পৰিলক্ষিত হৈছে ।

২ জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে কৰ'ণাৰ প্ৰতিষেধক প্ৰদানৰ অনুশীলন অভিযান আৰম্ভ হৈছে । শনিবাৰে উত্তৰ প্ৰদেশত পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ কৰ'ণাৰ প্ৰতিষেধক প্ৰদানৰ অনুশীলন অভিযান আৰম্ভ হয় । প্ৰতিদিনে ১০০ জন লোকক প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক: নিৰ্বাচন প্ৰক্ৰিয়াৰে হ'ব COVID-১৯ প্ৰতিষেধকৰ টীকাকৰণ : হৰ্ষবৰ্ধন

ABOUT THE AUTHOR

...view details