অসম

assam

ETV Bharat / bharat

থোৰতে এচ. পি. বালাসুব্ৰমনিয়ামৰ জীৱন পৰিক্ৰমা - বালাসুব্ৰমনিয়াম

বিশিষ্ট সংগীত শিল্পী এচ. পি. বালাসুব্ৰমনিয়ামৰ দেহাৱসান ৷ চেন্নাইত মৃত্যুক আঁকোৱালি লয় বৰ্ষীয়ান সংগীত শিল্পীগৰাকীয়ে ৷ ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী ৷ তেখেতৰ মৃত্যু ভাৰতৰ সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি ৷ থোৰতে এচ পি বালাসুব্ৰমনিয়ামৰ জীৱন পৰিক্ৰমা...

sp balasubramaniam passed away on covid
sp balasubramaniam passed away on covid

By

Published : Sep 25, 2020, 1:54 PM IST

Updated : Sep 26, 2020, 9:07 AM IST

নিউজ ডেস্ক, 25 ছেপ্টেম্বৰ : এচ পি বালাসুব্ৰমনিয়াম, নামেই যাৰ পৰিচয় ৷ শিল্পীগৰাকীৰ জীৱনযাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অংগ সংগীত ৷ কথা, সুৰ, সংগীতে সম্পূৰ্ৰ্ণ কৰে দক্ষিণ ভাৰতৰ এইগৰাকী প্ৰখ্যাত পণ্ডিতক ৷ বালু নামেৰে ক্ষেত্ৰখনত প্ৰতিষ্ঠিত এই শিল্পীগৰাকীয়ে অতুলনীয় প্ৰতিভাৰে ৰাইজক উপহাৰ দিছে অজস্ৰ শ্ৰুতিমধুৰ সংগীত ৷ তেওঁৰ প্ৰচেষ্টাতে বিশ্বব্যাপী তেলেগু সংগীতে চৰ্চা লাভ কৰিছে ৷

এচ পি সম্বামুৰ্ত্তিৰ ঔৰষত আৰু শ্ৰীমতি শকুন্তালামাৰ গৰ্ভত 1946 চনৰ 8 জুনত নেল্ল'ৰত জন্মগ্ৰহণ কৰিছিল এচ পি বালাসুব্ৰমনিয়ামে ৷ শিল্পীগৰাকী ডাঙৰ-দীঘল হৈছিল চেন্নাইত ৷ পিতৃ-মাতৃৰ সথিক পৰিচৰ্যাত এসময়ত আকাশৰ সমান তুংগ হৈ পৰিছিল বালাসুব্ৰমনিয়ামৰ জনপ্ৰিয়তা ৷ দুজন ককায়েক আৰু 5 ভগ্নীৰ মাজৰ এজন আছিল বালাসুব্ৰমনিয়াম ৷ সংগীত শিল্পী এচ পি শৈল্যজা বালাসুব্ৰমনিয়ামৰ ভগ্নী ৷ পত্নী শ্ৰীমতি সাবিত্ৰী আৰু দুই সন্তান চৰণ, পল্লবীৰ সৈতে শিল্পীগৰাকীৰ এখন সুখৰ সংসাৰ ৷

একাধাৰে এগৰাকী সংগীত নিৰ্দেশক, অভিনেতা, গায়কৰ লগতে এগৰাকী ছবি পৰিচালক হিচাবে পৰিচিত এচ পি বালাসুব্ৰমনিয়াম ৷ সংগীতৰ সাত সুৰ "সাৰেগামাপাধানিস" যদিও তেওঁৰ সপোন আৰু শিৰে শিৰে আছিল কিন্তু শিক্ষাৰ বাবে চেন্নাইলৈ যাওঁতেই তেওঁৰ সপোনে ঠিকনা বিচাৰি পায়ছিল ৷ 1968 চনত এখন সংগীত প্ৰতিযোগিতাত সংগীতৰ দুই মহান শিল্পী প্ৰখ্যাত শিল্পী ঘন্টাশালা তথা সংগীত নিৰ্দেশক কোদাণ্ডাপানীৰ দ্বাৰা প্ৰশংসা লাভ কৰিছিল ৷ প্ৰতিযোগিতাখনত তেওঁ প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হয় ৷ এয়াই আছিল তেওঁৰ অপ্ৰতিম যাত্ৰাৰ প্ৰথম খোজ ৷ এনেদৰে বালাসুব্ৰমনিয়ামে 1966 চনত কোদাণ্ডাপানীৰ নিৰ্দেশনাত শ্ৰী শ্ৰী মৰ্য়াদা ৰমান্নাৰ প্ৰথম গীতটো গাইছিল ৷ পৰৱৰ্তী সময়ত বালাসুব্ৰমনিয়ামে এটা ষ্টুডিঅ' মুকলি কৰি ষ্টুডিঅ'টো তেওঁৰ গুৰু কোদাণ্ডাপানীৰ নামেৰে নামাকৰণ কৰে ৷

1966 চনত সূচনা কৰা এই যাত্ৰাই আজি 54 টা বছৰ অতিক্ৰম কৰি ভাৰতীয় সংগীত জগতক এক অন্য মাত্ৰা প্ৰদান কৰিছে ৷ এই সময়ছোৱাত বালাসুব্ৰমনিয়ামে 40,000 টাকৈও অধিক গীত প্ৰস্তুত কৰিছে ৷ অৰ্থাৎ প্ৰতিবছৰে 930 টাকৈ গীত তেওঁ উপহাৰ দি আহিছিল ৷ সংগীত জগতৰ এয়া এক অভিলেখ ৷ ফলশ্ৰুতিত সংগীত শিল্পীগৰাকীয়ে Guinness Records তো নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল ৷ শিল্পীগৰাকীয়ে ইতিমধ্যে 16 টা ভাৰতীয় ভাষাত কন্ঠ নিগৰাইছে ৷ যেনে- তেলেগু, তামিল, কানাড়া, মালায়ালম, হিন্দী ৷ লগতে গণ্ডো ভাষা আৰু কেবাটাও জনজাতীয় ভাষাতো বালাসুব্ৰমনিয়ামে গান গাইছিল ৷

1980 চনত মুক্তি প্ৰাপ্ত শিল্পীগৰাকীৰ এখন ছবি শংকৰাভাৰানম আৰু ছবিখনৰ সংগীত সমূহ সকলোৰে মানসপটত উজ্বলি আছে ৷ আমি তেওঁৰ সংগীত যাত্ৰাক দুটা চৰণত ভগাব পাৰো শংকৰাভাৰানম ৰ আগৰ পৰ্যায় আৰু শংকৰাভাৰানম ৰ পাছৰ পৰ্যায় ৷ এই ছবিখনৰ সংগীতৰ বাবে শিল্পীগৰাকীয়ে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হয়৷ পৰৱৰ্তী বৰ্ষত হিন্দী ক্ষেত্ৰখনে তেওঁৰ সুৰীয়া মাতটোৰ আস্বাদ লয় ৷ 1981 চনত মুক্তি প্ৰাপ্ত ছবি "Ek duje Keliye" ৰ বাবে শিল্পীগৰাকীক পুনৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা হয়৷ সংগীত জগতখনৰ কেবাগৰাকীও প্ৰসিদ্ধ সংগীত পৰিচালকৰ সৈতে তেওঁ কাম কৰি আহিছে ৷ ক্ষেত্ৰখনৰ প্ৰায় মহিলা সংগীত শিল্পীৰ সৈতেও এচ পি বালাসুব্ৰমনিয়ামে কাম কৰিছে ৷

তেওঁৰ এই যাত্ৰাৰ সমভাগী প্ৰায়খিনি সংগীত পৰিচালকৰ লগতে গায়কসকল ৷ যেনে NTR , ANR ৰ পৰা আৰম্ভ কৰি জুনিয়ৰ NTR, নাগা চৈত্যনলৈ তেওঁৰ সংগীতৰ অৱদান আছে ৷ এচ পি বালাসুব্ৰমনিয়ামৰ সংগীত ওস্তাড ইলায়া ৰাজাৰ সৈতেও এক বিশেষ সমীকৰণ আছে ৷ ইলায়া ৰাজাই বালাসুব্ৰমনিয়ামৰ সৈতে তেওঁৰ সংগীত যাত্ৰাৰ আৰম্ভণি পাতনি মেলে ৷ 1970 ৰ পৰা 1990 ৰ ইলায়া ৰাজাৰ সংগীত বালাসুব্ৰমনিয়াম আৰু জানকিৰ কণ্ঠত বাণীবদ্ধ হয় ৷ বালাসুব্ৰমনিয়াম আৰু ইলায়া ৰাজাই মিলি কেবাটাও ৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হয় ৷

এচ পি বালাসুব্ৰমনিয়ামে এদিনত 21 টা পৰ্যন্ত সংগীত বাণীবদ্ধ কৰি সংগীত জগতত এক ৰেক'ৰ্ড বনাবলৈ সক্ষম হৈছে, যিহেতু আজি পৰ্যন্ত অন্য কোনেও এই ৰেক'ৰ্ড ভংগ কৰিব পৰা নাই ৷ এই যাত্ৰাত ইতিমধ্যে শিল্পীগৰাকীয়ে বহু সন্মান , কেবাটাও পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে ৷ 6 টাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ অধিকাৰী এই শিল্পীগৰাকীয়ে 25 টা তেলেগু নন্দী এৱাৰ্ড পাবলৈ সক্ষম হৈছে ৷ ইমানতে সীমাৱদ্ধ নহয়, শিল্পীগৰাকীয়ে তামিলনাডু আৰু কৰ্ণাটক চৰকাৰৰ পৰাও বহু সন্মান লাভ কৰিছে ৷ হিন্দী আৰু দক্ষিণ ভাৰতীয় সংগীতসমূহৰ বাবে বালাসুব্ৰমনিয়ামে ছয়টাকৈ ফিল্মফেয়াৰ এৱাৰ্ড পাবলৈ সক্ষম হয় ৷

2012 চনত এচ পি বালাসুব্ৰমনিয়ামক NTR ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা হয়৷ শিল্পীগৰাকীৰ জীৱনজোৰা সাধনাৰ বাবে 2016 চনত Silver Peacock প্ৰদান কৰা হয়৷ ইয়াৰোপৰি ভাৰত চৰকাৰে এচ পি বালাসুব্ৰমনিয়ামক 2001 চনত পদ্মশ্ৰী আৰু 2011 চনত পদ্মাভূষণ প্ৰদান কৰে ৷

তেলেংগানা আৰু তেলেগু শিল্পীগৰাকীৰ সদায় প্ৰথম প্ৰধান্য আছিল ৷ সেয়ে Eenadu আৰু ETV ৰ সৈতেও তেওঁৰ এক মধুৰ সম্পৰ্ক আছিল ৷ এগৰাকী শিল্পীৰ সমান্তৰালকৈ এচ পি বালাসুব্ৰমনিয়ামৰ ব্যক্তিত্বও অতি আকৰ্ষণীয় আছিল ৷ যিসকলক সহায়ৰ প্ৰয়োজন এচ পি বালাসুব্ৰমনিয়াম সেইসকলৰ ওচৰত সদায় উপস্থিত হৈছিল ৷ উদাৰতা, প্ৰতিভা আৰু সুৰেৰে পূৰ্ণাংগ এগৰাকী ব্যক্তিত্ব ৷ এচ পি বালাসুব্ৰমনিয়ামৰ সংগীতে প্ৰতিজনকে এখন অন্য পৃথিৱীলৈ লৈ যায় ৷ এটা শিশুৰ মাতৰ পৰা এজন বৃ্দ্ধৰ মাতলৈ.. এটা সুৰীয়া গানৰ পৰা অৰ'টাণ্ড সংগীতলৈ, সকলোতে তেওঁৰ প্ৰতিভা স্বতঃস্ফূৰ্ত ৷ যেতিয়ালৈ জোন-তৰা দৃশ্যমান তেতিয়ালৈ সংগীত জগতত তেওঁৰ প্ৰতিভাক ৰোমন্থন কৰা হ'ব ৷

লগতে পঢ়ক :আজি দিল্লীত অন্তোষ্টিক্ৰিয়া সম্পন্ন হ'ব কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ অংগডীৰ

Last Updated : Sep 26, 2020, 9:07 AM IST

ABOUT THE AUTHOR

...view details