নতুন দিল্লী, ১ জুনঃ কেৰালাত আগমণ হ'ল বৰ্ষাৰ । প্ৰায় দুমাহজোৰা অত্যন্ত গৰমৰ অন্তত কেৰালাত অৱশেষত প্ৰৱেশ কৰিলে দক্ষিণ-পশ্চিম ঘূৰ্ণীবতাহে । ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে প্ৰকাশ কৰে এই তথ্য । কেৰালাৰ পাছতে দেশৰ বিভিন্ন ৰাজ্যলৈ আগমণ হ’ব বৰ্ষাৰ ।
ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মহানিৰ্দেশক মৃত্যুঞ্জয় মহাপাত্ৰই বৰ্ষাৰ আগমণ কথা উল্লেখ কৰি ছেপ্টেম্বৰলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে । মৃত্যুঞ্জয় মহাপাত্ৰই উল্লেখ কৰা অনুসৰি জুনৰ পৰা ছেপ্টেম্বৰলৈ চাৰি মাহত ৭৫ শতাংশ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।