অসম

assam

ETV Bharat / bharat

ভাৰত মহাসাগৰত চকু ৰাখিবলৈ বায়ুসেনাৰ 222 টাইগাৰছাৰ্ক স্কোৱাড্ৰণত ব্ৰাহ্মোচৰ সংযোজন - চিফ.অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটে

ছুখয়-30MKI যুদ্ধবিমানত সংযোজন অত্যাধুনিক ব্ৰাহ্মোচ মিছাইল ৷ বায়ু সেনা বাহিনীৰ সেনাধ্যক্ষ এয়াৰ চীফ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাডুৰিয়াসহ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত চিফ.অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটে ছুখয়-30 যুদ্ধবিমানৰ 222 স্কোৱাড্ৰণ ‘টাইগাৰছাৰ্ক’ক অন্তৰ্ভুক্ত কৰে ৷

South gets first Sukhoi squad to keep eye on Indian Ocean Region
দক্ষিণ ভাৰতত প্ৰথম ছুখয় স্কাডৰণ

By

Published : Jan 20, 2020, 6:11 PM IST

Updated : Jan 20, 2020, 7:23 PM IST

নেশ্বনেল ডেস্ক, 20 জানুৱাৰীঃ দক্ষিণ ভাৰতে সোমবাৰে লাভ কৰে ছুখই-30MKI যুঁজাৰু বিমানৰ আন এক স্কোৱাড্ৰণ ৷ ব্ৰাহ্মোচ ছুপাৰছ’নিক ক্ৰুইজ মিছাইল ৰাখিবৰ বাবে থানজাভুৰ বায়ুসেনা চাউনীত এইদৰে সংশোধন কৰা হয় ছুখই যুদ্ধবিমানৰ এইটো স্কোৱাড্ৰণটো ৷

উল্লেখ্য যে, 222 ওৰফে টাইগাৰছাৰ্ক স্কোৱাড্ৰণক ভাৰত মহাসাগৰ অঞ্চলৰ বায়ুসীমাৰ সুৰক্ষাৰ দায়িত্ব ন্যস্ত কৰা আছে ৷ শেহতীয়াকৈ এইটো অঞ্চলত চীনৰ গতি-বিধি বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়ে সোমবাৰে এইদৰে স্কোৱাড্ৰণটোক সংযোজন কৰা হয় ভাৰতৰ পাৰমানৱিক শক্তিসম্পন্ন অতিকে উন্নত এয়াৰ-টু-এয়াৰ ক্ষেপনাস্ত্ৰ ব্ৰাহ্মোচ ৷ 20 জানুৱাৰীত চীফ অৱ ডিফেন্স ষ্টাফ জেন. বিপিন ৰাৱাটে বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰিয়াৰ লগতে অন্যান্য সামৰিক বিষয়াসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উন্মোচন কৰে 222 টাইগাৰছাৰ্ক ছুখই-30MKi যুদ্ধবিমানৰ অত্যাধুনিক স্কোৱাড্ৰণটো ৷

আৰু পঢ়কঃছট্টিশগড়ত আৰক্ষীত গুলিত নিহত মহিলা নক্সালবাদী

Last Updated : Jan 20, 2020, 7:23 PM IST

ABOUT THE AUTHOR

...view details