অসম

assam

By

Published : Oct 28, 2020, 7:59 PM IST

ETV Bharat / bharat

বৰ্তমানো ভেন্টিলেশ্যনত অভিনেতা সৌমিত্ৰ চেতাৰ্জী

বৰ্তমানো ভেন্টিলেশ্যনত অভিনেতা সৌমিত্ৰ চেতাৰ্জী ৷ হিম'গ্লবিন আৰু কিডনী সুস্থিৰ অৱস্থাত আছে প্ৰখ্যাত অভিনেতাগৰাকীৰ ৷

Soumitra Chatterjee
বৰ্তমানো ভেন্টিলেশ্যনত অভিনেতা সৌমিত্ৰ চেতাৰ্জী

নেশ্যনেল ডেস্ক, 28 অক্টোবৰ : ভেন্টিলেশ্যনত ৰখা 48 ঘন্টাৰ পাচতো স্বাস্থ্যৰ অৱস্থা পূৰ্বৰ দৰেই আছে কিংবদন্তি অভিনেতা সৌমিত্ৰ চেতাৰ্জীৰ ৷ তেওঁৰ স্বাস্থ্যত নতুন কোনো অৱনতি ঘটা নাই তথা ৰক্তক্ষৰণ হোৱা নাই ৷ হিম'গ্লবিন আৰু কিডনীও সুস্থিৰ অৱস্থাতে আছে বুলি জানিব পৰা গৈছে ৷

চেতাৰ্জীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কিডনী বিশেষজ্ঞসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে, তেওঁক দুই অথবা তিনিটা পৰ্যায়ৰ ডায়েলেচিছ প্ৰদান কৰা হ'ব ৷ আনহাতে, তেওঁৰ হাওঁফাওঁৰ বৰ্তমান সুস্থিৰ হৈ আছে ৷ বৰ্তমানো তেওঁক ভেন্টিনেশ্যনতে ৰখা হৈছে ৷

উল্লেখ্য যে, 1959 চনত সত্যজিত ৰয়ৰ 'অপুৰ সংসাৰ'ৰ দ্বাৰা ছবিজগতত আত্মপ্ৰকাশ কৰিছিল সৌমিত্ৰ চেতাৰ্জীয়ে ৷ চিনেমাৰ উপৰিও থিয়েটাৰ, কবিতা আবৃত্তি আৰু পেইন্টিঙৰ বাবে সকলোৱে প্ৰশংসা আগবঢ়াই আহিছে চেতাৰ্জীক ৷

লগতে পঢ়ক :মাংগালুৰ এয়াৰপোৰ্টৰ পৰা জব্দ 32 লাখ মূল্যৰ সোণ

ABOUT THE AUTHOR

...view details