অসম

assam

ETV Bharat / bharat

প্ৰৱাসী শ্ৰমিকৰ পাচত এইবাৰ বলিউড অভিনেতালৈ সহায়ৰ হাত চনু ছুদৰ - সুৰেন্দ্ৰ ৰাজন

প্ৰৱাসী শ্ৰমিকক সহায় কৰি সমগ্ৰ দেশজুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা বলিউড অভিনেতা চনু ছুদৰ মহানুভৱতা । এইবাৰ প্ৰৱাসী শ্ৰমিক নহয় বলিউড অভিনেতা সুৰেন্দ্ৰ ৰাজনক সহায়ৰ হাত আগবঢ়ালে চনু ছুদে ।

চনু ছুদ
প্ৰৱাসী শ্ৰমিকৰ পাচত এইবাৰ বলিউড অভিনেতালৈ সহায়ৰ হাত চনু ছুদৰ

By

Published : Jun 14, 2020, 11:54 AM IST

নিউজ ডেস্ক, ১৪ জুনঃ লক ডাউনৰ সময়ত প্ৰৱাসী শ্ৰমিকক সহায় কৰি মহানুভৱতা দেখুওৱা বলিউড অভিনেতা চনু ছুদৰ পুনৰ প্ৰশংসনীয় পদক্ষেপ । এইবাৰ অভিনেতা গৰাকীয়ে সহায়ৰ হাত আগবঢ়ালে বলিউড অভিনেতা সুৰেন্দ্ৰ ৰাজনক ।

কিছু বিশেষ কামৰ বাবে মুম্বাইত গৈ লক ডাউনৰ বাবে আৱদ্ধ হৈ পৰা অভিনেতা সুৰেন্দ্ৰ ৰাজনক ১৮ জুনৰ ভিতৰত গৃহচহৰ ছতনালৈ ঘূৰাই পঠাব বুলি শনিবাৰে প্ৰতিশ্ৰুতি দিয়ে চনু ছুদে ।

প্ৰৱাসী শ্ৰমিকৰ পাচত এইবাৰ বলিউড অভিনেতালৈ সহায়ৰ হাত চনু ছুদৰ

আনহাতে, বলিউড অভিনেতা চনু ছুদৰ প্ৰসংশা কৰি সুৰেন্দ্ৰ ৰাজনে কয় যে, "চনু ছুদে যি কৰি আহিছে সেয়া সঁচাকৈ অসাধাৰণ । এজন ব্যক্তিয়ে অকলে কেনেকৈ ইমান কৰি আহিছে তাক লৈ মই আচৰিত । এনে কাম তেতিয়ালৈকে কৰিব নোৱাৰি যেতিয়ালৈকে মানুহক সহায় কৰিবলৈ প্ৰৱল ইচ্ছা নাথাকে । তেওঁ অসাধৰণ কাম কৰি আহিছে আৰু জনতাই সেই কাম পছন্দ কৰিছে । এক কথাত চনু ছুদ সঁচাকৈ মহান ব্যক্তি ।"

ABOUT THE AUTHOR

...view details