অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ ৰাজ্যপালক সাক্ষাৎ অভিনেতা চনু সুদৰ - লক্​ ডাউন

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীক শনিবাৰে সাক্ষাৎ কৰে অভিনেতা চনু সুদে ৷ বিশিষ্ট অভিনেতাগৰাকীক ৰাজভৱনলৈ আমন্ত্ৰণ জনায় ৰাজ্যপাল গৰাকীয়ে ৷ অভিনেতাগৰাকীয়ে লকডাউনৰ ফলত আৱদ্ধ শ্ৰমিকসকলক ঘৰলৈ ঘূৰাই পঠিওৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তৰ উচ্চ প্ৰশংসা কৰে ৰাজ্যপাল কোশিয়াৰীয়ে ৷

Sonu Sood meets Maharashtra Governor, gets support for noble efforts
মহাৰাষ্ট্ৰৰ ৰাজ্যপালক সাক্ষাৎ অভিনেতা চনু সৌদৰ

By

Published : May 31, 2020, 6:56 PM IST

মুম্বাই, 31 মে’: মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীক শনিবাৰে সাক্ষাৎ কৰে অভিনেতা চনু সুদে ৷ বিশিষ্ট অভিনেতাগৰাকীক ৰাজভৱনলৈ আমন্ত্ৰণ জনায় ৰাজ্যপালগৰাকীয়ে ৷ অভিনেতাগৰাকীয়ে লক​ডাউনৰ ফলত আৱদ্ধ শ্ৰমিকসকলক ঘৰলৈ ঘূৰাই পঠিওৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তৰ উচ্চ প্ৰশংসা কৰে ৰাজ্যপাল কোশিয়াৰীয়ে ৷ অভিনেতাগৰাকীক এই বিষয়ত সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে ৰাজ্যপালগৰাকীয়ে ৷ মহাৰাষ্ট্ৰৰ ৰাজ্যপালগৰাকীয়ে অভিনেতাগৰাকীৰে হোৱা এই বাৰ্তালাপৰ বিষয়ে টুইটযোগে প্ৰকাশ কৰে ৷

উল্লেখ্য যে, ভগত সিঙৰ লগতে চনু সুদৰ আলোকচিত্ৰৰ শ্বেয়াৰ কৰি ৰাজ্যপালগৰাকীয়ে টুইটটোত প্ৰকাশ কৰে এনেদৰে- অভিনেতা চনু সুদে আজি মুম্বাইস্থিত ৰাজভৱনলৈ ফোনযোগে যোগাযোগ কৰে ৷ সুদে আৱদ্ধ শ্ৰমিকসকলক ঘৰলৈ উভোটাই পঠিওৱাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে সঁচাকৈ প্ৰশংসাৰ যোগ্য ৷ ইয়াৰ বাবে আমাৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা হ’ব ৷

আনহাতে, প্ৰায় 169 গৰাকী আৱদ্ধ যুৱতীক উৰিষ্যাস্থিত গৃহলৈ যোৱাৰ বাবে সহায় আগবঢ়াইছিল অভিনেতাগৰাকীয়ে ৷ অভিনেতাগৰাকীয়ে স্বেচ্ছাই কৰা এই সেৱাৰ বাবে ইতিমধ্যে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল গৰাকীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং আৰু ৰাজ্যসভাৰ সাংসদ অমৰ পাটনায়কে ভূয়সী প্ৰশংসা কৰিছে ৷

লগতে চাওকঃকৰ্মস্থলীত আত্মহত্যাৰ চেষ্টা এজন আৰক্ষী কনিষ্টবলৰ

ABOUT THE AUTHOR

...view details