মুম্বাই, ৬ জুন : লক ডাউনৰ ফলত মুম্বাইত আবদ্ধ ২২০ জন শ্ৰমিকক শুকুৰবাৰে নিজ গৃহ জিলালৈ যোৱাত সহায় কৰে অভিনেতা চনু চুডে।অভিনেতাগৰাকীয়ে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক ঘৰলৈ ঘূৰাই পঠিওৱাৰ বাবে বাছৰ ব্যৱস্থা কৰে । ইয়াৰে ২খন বাছে শ্ৰমিকসকলকলৈ উত্তৰাখণ্ড,১খন বাছ তামিলনাডু আৰু ৩ খন বাছ উত্তৰ প্ৰদেশলৈ ৰাওনা হয় ।
প্ৰব্ৰজনকাৰী শ্ৰমিকক গৃহ জিলালৈ প্ৰেৰণ অভিনেতা চনু চুডৰ - প্ৰব্ৰজনকাৰী শ্ৰমিক
পূৰ্বেও লক ডাউনৰ ফলত মুম্বাইত আবদ্ধ বহু প্ৰব্ৰজনকাৰী শ্ৰমিক নিজ গৃহ জিলা উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰিছিল অভিনেতা চনু চুডে ।
![প্ৰব্ৰজনকাৰী শ্ৰমিকক গৃহ জিলালৈ প্ৰেৰণ অভিনেতা চনু চুডৰ Sonu Sood continues to win hearts, arranges buses for 220 migrants](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-02:11-sonu-moiney-da-f-0606newsroom-1591431557-1033.jpg)
ইয়াৰ পূৰ্বেও লক ডাউনৰ ফলত মুম্বাইত আবদ্ধ বহু প্ৰব্ৰজনকাৰী শ্ৰমিক নিজ গৃহ জিলা উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰিছিল অভিনেতা চনু চুডে। তেওঁ কেৰালাৰ এটা বস্ত্ৰ কাৰখানাত কৰ্মৰত ওড়িষাৰ 169 গৰাকী যুৱতীকো লক ডাউনৰ সময়ত নিজ ঘৰলৈ যোৱাত সহায় কৰিছিল । যাৰ বাবে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে অভিনেতাগৰাকীক ৰাজভৱনলৈ আমন্ত্ৰণ জনায় আৰু তেওঁৰ কাৰ্যৰ শলাগ লয় । ৰাজ্যপাল কোশিয়াৰীয়ে এই বিষয়ত অভিনেতাগৰাকীক প্ৰয়োজনত সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে ।
লগতে চাওকঃ ষষ্ঠ স্থান দখল কৰি বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিলে হৰ্চবৰ্ধনে