অসম

assam

ETV Bharat / bharat

কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অনুপস্থিত ছোনিয়া-ৰাহুল - ছোনিয়া-ৰাহুল

কংগ্ৰেছৰ ১৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এদিন পূৰ্বে দলৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে ইটালীলৈ যাত্ৰা কৰে । প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অনুপস্থিত কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধী ।

কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অনুপস্থিত ছোনিয়া-ৰাহুল
কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অনুপস্থিত ছোনিয়া-ৰাহুল

By

Published : Dec 28, 2020, 6:35 PM IST

নেশ্যনেল ডেস্ক, ২৮ ডিচেম্বৰ: আজি কংগ্ৰেছৰ ১৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস । সোমবাৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধী আৰু প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধী উপস্থিত নথকাক লৈ আক্ৰমণাত্মক মন্তব্য কৰিলে বিজেপিৰ নেতাসকলে । দিল্লীস্থিত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয়ত ১৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস এক অনুষ্ঠানৰ আয়োজন কৰা হয় । কিন্তু এই অনুষ্ঠানত দেখা পোৱা নগ'ল কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীক । দলৰ জ্যেষ্ঠ নেতা এ কে এন্থনীয়ে পতাকা উত্তোলন কৰে ।

দলৰ কিছু সংখ্যক নেতা-কৰ্মী অনুষ্ঠানত উপস্থিত থাকে যদিও কৰ'ণা মহামাৰীৰ বাবে বহু শীৰ্ষ নেতা অনুপস্থিত থাকে । প্ৰতিষ্ঠা দিৱস সন্দৰ্ভত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে, 'আমি এই দিৱস দলৰ জাতীয় অখণ্ডতাৰ বাবে পালন কৰিছো । সমগ্ৰ দেশতে কংগ্ৰেছৰ কৰ্মকৰ্তাই তিৰংগা যাত্ৰা কৰিব' । এই যাত্ৰাত অংশ লোৱা সকলো সদস্যকে অভিনন্দন জ্ঞাপন কৰে সাধাৰণ সম্পাদকগৰাকীয়ে ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, ৰাহুল গান্ধীয়ে ইটালীলৈ যোৱাৰ পূৰ্বে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয়লৈ আহি প্ৰতিষ্ঠা দিৱসৰ আয়োজনৰ বিষয়ে বুজ লৈছে । বিজেপিয়ে ৰাহুল গান্ধীৰ অনুপস্থিতিক লৈ কটাক্ষ কৰা প্ৰসংগত তেওঁ কয় যে, সমালোচনা কৰাতো তেওঁলোকৰ কাম । প্ৰতিবাৰেই তেওঁলোকে ৰাহুল গান্ধীক সমালোচনাৰ লক্ষ্য কৰি লয় ।

কংগ্ৰেছৰ ৰাজ্য সভা সাংসদ গোলাম নৱী আজাদে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, প্ৰতিষ্ঠা দিৱস বিগত ১৩৫ বছৰ ধৰি পালন কৰি থকা হৈছে । এনে অনুষ্ঠানত কিছুমান লোক উপস্থিত নাথাকে । দেশৰ স্বাধীনতাৰ বাবে জীৱন উছৰ্গা কৰা কংগ্ৰেছ নেতাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাতোহে আজি গুৰুত্ব দিয়া উচিত । একে পৰিস্থিতি ১০০ বছৰ আগতে দেশত সৃষ্টি হৈছিল । আকৌ বাক স্বাধীনতা, সংবাদ মাধ্যম, জাতিৰ প্ৰতি ভাবুকি আহি পৰিছে । ধৰ্মৰ নামত দেশ বিভাজনৰ কু-চক্ৰান্ত চলিছে ।

সকলোকে লগ হৈ এনে অপশক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনালে গোলাম নৱী আজাদে । দেওবাৰে কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সিং সুৰজৱালাই জনাই যে, ৰাহুল গান্ধীয়ে ব্যক্তিগত কামত ইটালীলৈ যাত্ৰা কৰিছে আৰু কেইদিনমানৰ পিছত উভতি আহিব । আনহাতে ইয়াকে লৈ বিজেপিয়ে সমালোচনা কৰি কয় যে, দিল্লী সীমান্তত কৃষকৰ বিদ্ৰোহ অব্যাহত থকাৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী অদৃশ্য হৈ পৰিছে ।

ই টি ভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত কংগ্ৰেছ নেতা ছলমান খুৰছিদে কয় যে, কৃষকে প্ৰতিবাদ কৰিছে ঠিকেই। কিন্তু তেওঁলোকে স্পষ্ট কৰি দিছে যে, এয়া ৰাজনৈতিক প্ৰতিবাদ নহয় । তেওঁ লগতে কয় যে, কৃষকৰ স্বাৰ্থজনিত বিষয়ত ৰাহুল গান্ধী সদায়েই কৃষকৰ লগত থাকিব । দলৰ অধ্যক্ষৰ পদত ৰাহুল গান্ধী পুনৰ অধিষ্ঠিত হোৱাৰ সম্ভাৱনাৰ বিষয়ে সোধা প্ৰশ্নত তেওঁ কয় যে, ৰাহুল গান্ধী এগৰাকী নেতা । আমি সদায় তেওঁৰ পক্ষত থাকি প্ৰয়োজন সাপেক্ষে সমৰ্থন আগবঢ়াই যাম ।

লগতে পঢ়ক:আন সকলো সমস্যাতকৈ ঘাতক পানী প্ৰদূষণ

ABOUT THE AUTHOR

...view details