অসম

assam

ETV Bharat / bharat

কোনেও অনাহাৰে থাকিব নালাগে : প্ৰধানমন্ত্ৰীলৈ ছোনিয়া গান্ধীৰ পত্ৰ

প্ৰধানমন্ত্ৰী মোডীলৈ পত্ৰ প্ৰেৰণ ছোনিয়া গান্ধীৰ ৷ দেশৰ প্ৰতিজন লোকৰ খাদ্য নিশ্চিত কৰিবলৈ মোডীক আহ্বান গান্ধীৰ ৷

দেশৰ প্ৰতিজন লোকৰ খাদ্য নিশ্চিত কৰিবলৈ মোডীক আহ্বান
প্ৰধানমন্ত্ৰীলৈ ছোনিয়া গান্ধীৰ পত্ৰ

By

Published : Apr 13, 2020, 7:50 PM IST

নেশ্যনেল ডেস্ক, 13 এপ্ৰিল : কংগ্ৰেছৰ অন্তৱৰ্তীকালিন সভানেত্ৰী ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ৷ ৰাষ্ট্ৰজোৰা লকডাউনৰ ফলত দেশৰ কোনো এজন নাগৰিকে ভোকত থাকিবলগা নোহোৱাতো নিশ্চিত কৰিবলৈ পত্ৰযোগে উল্লেখ কৰে গান্ধীয়ে ৷

প্ৰধানমন্ত্ৰীলৈ ছোনিয়া গান্ধীৰ পত্ৰ

পত্ৰখনত ছোনিয়া গান্ধীয়ে কয়, "লকডাউনৰ ফলত দেশৰ লাখ লাখ অসুৰক্ষিত অৱস্থাত জীৱন-যাপন কৰা লোকে খাদ্য সংকটত ভুগিছে ৷ এনেধৰণৰ মহামাৰীৰ বাবে ভাৰতত যথেষ্ট সংখ্যক খাদ্য সামগ্ৰী সংৰক্ষিত আছে ৷"

আনহাতে, 5 কিল'গ্ৰামকৈ ৰেচন প্ৰদান কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক প্ৰশংসা আগবঢ়াই গান্ধীয়ে ৷ ইয়াৰোপৰি, লকডাউনৰ ফলত সাধাৰণ লোকৰ দৈনন্দিন জীৱনত পৰা প্ৰভাৱ নাইকিয়া কৰিবলৈও ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিয়ে ছোনিয়া গান্ধীয়ে ৷

প্ৰধানমন্ত্ৰীলৈ ছোনিয়া গান্ধীৰ পত্ৰ

তেওঁ লগতে কয়, "খাদ্যৰ লগতে অন্যান্য সংকটত ভোগা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ National Food Security Act (NFSA) কাৰ্ড নাথাকিবও পাৰে ৷ ইয়াৰোপৰি, কাৰ্ডৰ যোগ্য বহুলোক এই সেৱাৰ পৰা বঞ্চিত হৈছে ৷"

ইয়াৰোপৰি, খাদ্যৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগা নোহোৱা বহু পৰিয়ালেও বৰ্তমানৰ সংকটজনক পৰিস্থিতিত পৰি খাদ্যৰ অভাৱ আৰু দাৰিদ্ৰতাত ভুগিছে বুলি ছোনিয়া গান্ধীয়ে পত্ৰত উল্লেখ কৰে ৷

ABOUT THE AUTHOR

...view details