নিউজ ডেস্ক, ৩ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনীয়া গান্ধীয়ে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মেডিকেল শিক্ষা প্ৰতিষ্ঠানত 'NEET' (National Eligibility cum Entrance Test) পৰীক্ষাৰ অন্যান্য় পিছপৰা শ্ৰেণীৰ (Other Backward Classes) প্ৰাৰ্থীসকলৰ বাবে আসন সংৰক্ষণৰ ক্ষেত্ৰত অস্বীকাৰ কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে।
"সৰ্বভাৰতীয় কোটাৰ অধীনত, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মেডিকেল শিক্ষা প্ৰতিষ্ঠানত যথাক্ৰমে, অনুসূচীত জাতি (SC), অনুসূচীত জনজাতি (ST) তথা অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী (Economically Weaker Section)ৰ প্ৰাৰ্থীসকলৰ বাবে ১৫ শতাংশ, ৭.৫ শতাংশ আৰু ১০ শতাংশ আসন সংৰক্ষিত আছে। কিন্তু অন্যান্য পিছ পৰা শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে সৰ্বভাৰতীয় কোটাৰ অধীনত কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহত এই আসন সংৰক্ষণৰ ক্ষেত্ৰত সীমাবদ্ধতা আছে" বুলি ছোনিয়া গান্ধীয়ে পত্ৰত উল্লেখ কৰে।
"All India Federation of Other Backward Classes"ৰ তথ্য অনুসৰি ২০১৭ বৰ্ষৰ পাছত অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীসকলে সৰ্বভাৰতীয় কোটাৰ প্ৰায় ১১ হাজাৰ আসন হেৰুৱাইছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মেডিকেল শিক্ষা প্ৰতিষ্ঠানত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ নথকাৰ বাবে এই আসন হেৰুৱাইছে" বুলি উল্লেখ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।