অসম

assam

ETV Bharat / bharat

কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে অধ্যক্ষা ছোনিয়া গান্ধীৰ ভাৰ্চুৱেল বৈঠক

কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে দলটোৰ অধ্যক্ষা ছোনিয়া গান্ধীৰ ভাৰ্চুৱেল বৈঠক। জি এছ টি, JEE(MAIN), NEET ৰ বিষয়ে বৈঠকত আলোচনা হয় ৷

কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে অধ্যক্ষা ছোনিয়া গান্ধীৰ ভাৰ্চুৱেল বৈঠক
কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে অধ্যক্ষা ছোনিয়া গান্ধীৰ ভাৰ্চুৱেল বৈঠক

By

Published : Aug 26, 2020, 1:26 PM IST

নেশ্যনেল ডেস্ক, ২৬আগষ্ট :কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে জি এছ টিৰ জৰিয়তে সংগ্ৰহিত ৰাজহৰ খতিয়ান দিয়াৰ পিছতে অনুষ্ঠিত হৈছে কংগ্ৰেছৰ ভাৰ্চুৱেল বৈঠক । কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনিয়া গান্ধীয়ে কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় । জি এছ টি, JEE(MAIN), NEET ৰ বিষয়ে বৈঠকত আলোচনা হয় । বৈঠকত পশ্চিমবংগ, ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতৃত্বই অংশগ্ৰহণ কৰে ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে ১ আগষ্টত প্ৰকাশ কৰা তথ্য অনুসৰিস জুলাই মাহত জি এছ টিৰ জৰিয়তে মুঠ ৮৭,৪২২ কোটি টকা ৰাজহ সংগ্ৰহ হৈছে । কৰ'ণাৰ সংকটকালত বিগত বছৰৰ তুলনাত এই ৰাজহৰ পৰিমাণ ১৪% হ্ৰাস পাইছে । আনহাতে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে ঘোষণা কৰিছে যে, অহা ১৩ ছেপ্টেম্বৰৰ পৰা JEE(MAIN) আৰু অহা ১ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰৰ ভিতৰত NEET অনুষ্ঠিত কৰা হ'ব ।

উল্লেখ্য যে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে JEE আৰু NEET ৰ পৰীক্ষা স্থগিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছিল । মমতা বেনাৰ্জীৰ উপৰিও কেইবাগৰাকী মন্ত্ৰীয়ে JEE আৰু NEET ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰিছিল । বুধবাৰে জি এছ টি আৰু পৰীক্ষা সন্দৰ্ভত কংগ্ৰেছৰ ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হয় ।

লগতে পঢ়ক :COVID-19ত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

ABOUT THE AUTHOR

...view details