অসম

assam

By

Published : Jun 9, 2020, 9:52 PM IST

ETV Bharat / bharat

ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰত বিশিষ্ট উদ্ভাৱক চোনম ৱাংচুক

ভাৰত-চীন বিবাদৰ সময়তে ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰত মিলিত হয় লাডাখৰ বিশিষ্ট উদ্ভাৱক চোনম ৱাংচুক ৷ তলত সমগ্ৰ সাক্ষাৎকাৰৰ এক সম্পাদিত ৰূপ আগবঢ়োৱা হ'ল ৷

Sonam Wangchuk Interview
ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰত বিশিষ্ট উদ্ভাৱক চোনম ৱাংচুক

প্ৰশ্ন- আপোনাৰ মনলৈ কিদৰে ৱালেট বনাম বুলেটৰ প্ৰসংগ আহিল ?

উত্তৰ- লাডাখত বাস কৰা সময়তে মই চীনৰ দমন আৰু আগ্ৰাসন দেখি আহিছো, আপোনাকে এতিয়া যাৰ বিষয়ে কৈ আছে ৷ লাডাখৰ জনতাই ইয়াৰ বাবে বহুটো কষ্ট ভূগিবলগীয়া হৈছে, বিশেষকৈ ভেড়াপালক সকলে এইক্ষেত্ৰত অধিক ক্ষতিগ্ৰস্ত হৈছে, কিয়নো চীনৰ আগ্ৰাসনৰ ফলতে তেওঁলোকৰ ভেড়াসমূহৰ চৰনীয়া পথাৰসমূহ হ্ৰাস হৈ আহিছে ৷ মই এইক্ষেত্ৰত কিবা এটা কৰাৰ বাবে চিন্তা কৰি আছিলো ৷ যেতিয়া চীনে কিছুদিন পূৰ্বে পুনৰ আগ্ৰাসন কৰিলে তেতিয়া মই বুজিছিলো যে, এইবাৰ তেওঁলোক বেলেগ উদ্দেশ্য লৈ আহিছে ৷ এইবাৰ তেওঁলোকৰ উদ্দেশ্য সীমা পাৰ কৰাই নাছিল ৷ কোনো দেশেই কৰ'ণাৰ দৰে সমস্যাৰ সৈতে যুঁজি থাকিলে এই কাম কৰিবলৈ সাহস নকৰে ৷ কেৱল ভাৰতেই নহয়, ভিয়েটনাম, টাইৱান আৰু আমেৰিকান নৌ-সেনাকো দক্ষিণ চীন সাগৰত আক্ৰমণৰ চেষ্টা কৰিছে চীনে ৷ চীনৰ এই কাৰ্যকলাপ এমাহৰ ভিতৰত সংঘটিত হৈছিল আৰু ইয়াৰ আঁৰৰ ৰহস্য অন্য় বেলেগ কিবা এটা আছিল ৷ আমি এটা সিদ্ধান্তত আহিব পাৰো যে, চীনে তেওঁলোকৰ দেশৰ আভ্যন্তৰীণ সমস্যা সমাধান কৰিব বিচাৰি আছে যিটো সম্ভৱ হোৱা নাই আৰু ইয়াৰ বাবে দেশখনৰ নাগৰিকসকলৰ মাজত ক্ষোভৰ উদগীৰণ ঘটিছে চীনা চৰকাৰৰ বিৰুদ্ধে ৷ সেয়েহে তেওঁলোকৰ আভ্যন্তৰীণ সমস্যাৰ পৰা জনতাক বিপথে পৰিচালিত কৰিবলৈ চীনে এইটো কাম কৰিছে ৷ এতিয়া আমিও বুজিছো যে, যদিহে চীনে তেওঁলোকৰ অৰ্থনীতি ৰক্ষা কৰিবলৈ এই কাম কৰি আছে, তেতিয়াহ'লে আমিও ওলোটাই তেওঁলোকৰ অৰ্থনীতিত আঘাত কৰিব লাগে ৷ আমি চীনৰ জালত নপৰি তেওঁলোকক বন্দুক আৰু গুলিৰে উত্তৰ দিব লাগে ৷ যদিহে চীনৰ অৰ্থনীতি দুৰ্বল হোৱাক লৈ তেওঁলোকৰ এটা ভয় আছে, তেতিয়াহ'লে তেওঁলোকৰ অৰ্থনীতিত আঘাত কিয় নকৰিম ? সেয়েহে মই কৈছো যে, ইয়াক ভাৰতৰ জনসাধাৰণে কৰিব পাৰিব আৰু তাকো নিজৰ জেপৰ দ্বাৰা ৷ আপুনি আপোনাৰ জেপটো ঘৰত থাকি, চহৰত থাকি, গাঁৱত থাকি এটা এপ্লিকেশ্বন আনইনষ্টল কৰি কৰিব পাৰে ৷ এয়া শুনিবলৈ তেনেই সহজ কিন্তু যদিহে লাখ লাখ, কোটি-কোটি এপ আনইনষ্টল কৰি দিয়া হয় তেতিয়াহ'লে চীনে ভয় কৰি থকাটোৱে সংঘটিত হ'ব ৷ ইয়াৰ ফলত চীনৰ নিম্নগামী অৰ্থনীতিৰ বাবে জনতাৰ মাজত অসন্তুষ্টি অধিক বৃদ্ধি পাব ৷

ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰত বিশিষ্ট উদ্ভাৱক চোনম ৱাংচুক

প্ৰশ্ন- এইখিনিতে এটা প্ৰশ্ন উত্থাপন হয় যে, চীনা সামগ্ৰী আৰু এপছৰ বিৰোধিতা কিমানখিনি যুক্তিসংগত, কিয়নো চীনা সামগ্ৰীয়ে ইতিমধ্যে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে আগ্ৰাসী হৈছে, এয়া কোনো অসম্ভৱ নহয় কিন্তু ইমান সহজো নহয় ৷

উত্তৰ- হয়, এয়া সহজ নহয় কিন্তু অসম্ভৱো নহয় ৷ মই সদায়ে কৈ আহিছো যে, এই পৃথিৱীৰ বহুটো কাম খুবেই জটিল ৷ এগৰাকী মুছলমানৰ বাবে সুৰা সেৱন কৰাটো জটিল, এগৰাকী শিখৰ বাবে গুটখা সেৱন কৰাটো জটিল, হিন্দুৰ বাবে গো-মাংস খোৱাটো জটিল ৷ সকলোখিনি জটিল, কিন্তু তেওঁলোকে গো-মাংস নাখায়, সুৰা সেৱন নকৰে, গুটখাও নাখায় ৷ জৈন সম্প্ৰদায়ৰ লোকৰ বাবে পিয়াজ, নহৰু আৰু গাজৰ খোৱাটো অধিক জটিল কিন্তু তেওঁলোকে এক সুন্দৰ জীৱন উদযাপন কৰি আছে ৷ সেয়েহে কোনো কাম জটিল নহয়, যেতিয়াই কোনোবাই এক সিদ্ধান্ত লৈ পৰিস্থিতিৰ সৈতে খাপ খাই পৰে ৷ জৈন সম্প্ৰদায়ৰ লোকসকলে তেওঁলোক য'লৈ যায় তালৈ খাদ্যসমূহো নিজৰ লগতে লৈ যায় ৷ আমিষভোজীয়ে আমিষ খাদ্য আৰু নিৰামিষভোজীয়ে নিৰামিষ খাদ্য তেওঁলোকৰ ইচ্ছাঅনুসৰিয়ে সেৱন কৰিব পাৰে ৷ যদিহে আমি এইসমূহক অসুবিধা বুলি লৈ একেলগে তুলনা কৰো, আমি বিচাৰি পাম যে, আমাৰ সেনাৰ জোৱানসকলে ভাৰত-চীন সীমান্তত কেনেকুৱা সমস্যাৰ সন্মুখীন হৈ আছে, য'ত হিমশীতল পৰিৱেশত তেওঁলোকে আমাৰ সীমাৰ সুৰক্ষা কৰি আছে, যাক আমাৰ এটা চীনা এপ আনইনষ্টল কৰাৰ অসুবিধা হিচাপে তুলনা কৰিব নোৱাৰি ৷ এটা চীনা এপ আনইনষ্টল কৰাৰ কষ্টখিনি সৈনিকসকলৰ কষ্টৰ তুলনাত একো নহয় ৷ যদিহে আপুনি এটা এপ আনইনষ্টল কৰিব নোৱাৰে মই কি কৰিম ৷

ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰত বিশিষ্ট উদ্ভাৱক চোনম ৱাংচুক

প্ৰশ্ন- অধিকাংশ ভাৰতীয়ৰে “চলি যায়” মনোভাৱে আপোনাক আমনি দিয়েনে ?

উত্তৰ- হয় এই কথাটোৱে মোক বহুত কষ্ট দিয়ে ৷ যদিহে আমাৰ এক দেশ হিচাপে চিনাকি দিয়াত অসুবিধা হৈছে ইয়াৰ মুল কাৰণ হৈছে এই “চলি যায়” মনোভাৱ ৷ এইক্ষেত্ৰত চীনৰ সাধাৰণ নাগৰিকসকলে তেওঁলোকৰ কামক লৈ ইমানে ব্যস্ত যে, তেওঁলোকে যি কৰে তাৰ দ্বাৰাই সফলতা অৰ্জন কৰে ৷ যাৰ বিপৰীতে সীমাৰ ইপাৰে আমাৰ দেশত লকডাউনৰ আগৰে পৰাই বিশ্বযুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ভাইৰাছক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ পিচতো এই চলি যোৱা মনোভাৱৰ বাবে এতিয়াও বৃদ্ধি হৈয়ে আছে ৷ যদিহে আমি আৱশ্যকীয় সাৱধানতা গ্ৰহণ নকৰো ভাৰতে কোভিড-19 ৰ বিৰুদ্ধে যুঁজত বেয়াকৈ হাৰিব ৷ যদিহে ভাৰতীয়সকলৰ সঘনাই এই ভাইৰাছৰ ফলত মৃত্য়ু হয়, তেতিয়াহ'লে আমি চীনৰ ওপৰত কিদৰে ব্যৱস্থা গ্ৰহণ কৰিম ৷ ইয়াৰ বিপৰীতে চীনৰ নাগৰিকৰ মাজত এক দায়ৱদ্ধতা দেখিবলৈ পাইছো, যাক চীনত এই ভাইৰাছ নিয়ন্ত্ৰণত অহাৰ এক মুখ্য কাৰণ হিচাপে গণ্য কৰিব পাৰি ৷ চীনৰ পৰা এইখিনি আমাৰ শিকিবলগীয়া আৰু আমি নিজেও নিজকে দায়িত্বপূৰ্ণ হিচাপে গঢ়ি তোলাটো উচিত ৷

প্ৰশ্ন- আমি চীনৰ পৰা 5 লাখ কোটিৰ সামগ্ৰী আমদানি কৰো, যাৰ ভিতৰত 41 শতাংশই ইলেকট্ৰিক, মেকানিকেল সামগ্ৰী আছে ৷ আপুনি এইখিনি সামগ্ৰীৰ বাবে বেলেগ দেশৰ সহায় লোৱাটো বিচাৰিব নে, কিয়নো আমাৰ দেশত ঘৰুৱাভাৱে ইয়াক উৎপাদন কৰা ক্ষমতা নাই ৷

উত্তৰ- নিশ্চয়, আমি এইসমূহ সামগ্ৰীৰ চাহিদা ঘৰুৱা উৎপাদনৰ দ্বাৰা যিমানখিনি পাৰো পুৰন কৰিব লাগিব, আৰু ইয়াৰ বাহিৰৰখিনি বেলেগ দেশৰ পৰা আমদানি কৰিব লাগিব ৷ আমি চীনৰ পৰা সামগ্ৰী আমদানি কৰাটো বাদ দি, ভাৰতৰ প্ৰতি ভাল ধাৰনা থকা, পৰিৱেশক গুৰুত্ব প্ৰদান কৰা, মানৱ অধিকাৰক অগ্ৰাধিকাৰ দিয়া দেশৰ পৰা সামগ্ৰী ৰপ্তানি কৰিব লাগিব ৷ চীনৰ কম মূল্যৰ প্ৰতিযোগিতামূলক সামগ্ৰী উৎপাদন কৰাটো এইকাৰণে সম্ভৱ কাৰণ চীনত শ্ৰমিক আইন আৰু মানৱ অধিকাৰ আইনক গুৰুত্ব দিয়া নহয়, যাৰ বাবে চীন দেশৰ শ্ৰমৰ মূল্য বহুখিনি কম ৷ তেওঁলোকৰ পৰিৱেশৰ প্ৰতি তথা শ্ৰমিকৰ প্ৰতি কোনো শ্ৰদ্ধা নাই লগতে এই দুয়োটাৰ পৰা যিমান পাৰি সিমানখিনি শোষণ কৰিব বিচাৰে ৷ ইয়াৰ উপৰিও চীন দেশত নকলী সামগ্ৰীৰ এক বৃহৎ ৰেকৰ্ড আছে যাৰ দ্বাৰাও তেওঁলোকৰ দেশৰ সামগ্ৰীৰ মূল্য বহু কম হোৱা দেখা যায় ৷ সেয়েহে আমি নিজকে প্ৰশ্ন কৰিব লাগে, চীনৰ এই ব্যৱহাৰ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক নহয় নিজ দেশৰ জনতাৰ সৈতে কৰিবলৈ দিয়াটো উচিত নে ৷ এইসমূহ সামগ্ৰী অত্যধিক শ্ৰম আৰু পৰিৱেশৰ শোষণৰ ফল আৰু অন্যান্য অনৈতিক দিশো ইয়াত আছে ৷ এয়াও চীনা সামগ্ৰী বৰ্জন কৰাৰ অন্য় এক কাৰণ ৷ আমি মনত ৰখা দৰকাৰ যে, আমি চীনৰ সামন্তবাদী চৰকাৰৰ বিৰোধী, চীনৰ জনতাৰ বিৰোধী নহয় ৷ যদিহে পিচৰ চিন্তাটোক নতুনকৈ উদ্ৰেগ কৰিব পাৰি আৰু গণতন্ত্ৰ স্থাপনা হয় তেতিয়া আমি আমাৰ চিন্তাক এবাৰ পুনৰ আগবঢ়াই নি, তেওঁলোকৰ সৈতে আমাৰ পূৰ্বৰ সম্পৰ্ক অটুট ৰাখিব পাৰো ৷

ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰত বিশিষ্ট উদ্ভাৱক চোনম ৱাংচুক

প্ৰশ্ন- আপুনি ভাৰতৰ জনতাৰ বাবে এৰি দিয়া এই চিন্তা ভাৰতৰ উদ্য়োগৰ বাবেও একেই ৰাখিবনে ?

উত্তৰ- মোৰ প্ৰথম আহ্বান হৈছে ভাৰতৰ জনতাৰ প্ৰতি, যাতে এই যুদ্ধৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাবলৈ সক্ষম হয়, পৰৱৰ্তী সময়ত মই এই বিষয়ত ভাৰত চৰকাৰ, বৃহৎ উদ্যোগ আৰু ব্যৱসায়ীসমূহকো একেই আহ্বান জনাম, যাতে দেশত ঘৰুৱাভাৱে স্বদেশী সামগ্ৰী উৎপাদন হয় ৷

প্ৰশ্ন- চীনে আমাৰ দেশত অধিকহাৰে বিনিয়োগ কৰিব বিচাৰে, আৰু শেহতীয়াকৈ চৰকাৰে কিছুমান নিৰ্দেশক পদক্ষেপ গ্ৰহণ কৰিছে যাৰ দ্বাৰা চীনৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ নিয়ন্ত্ৰণ কৰিবলৈ বিচৰা হৈছে ৷ এইক্ষেত্ৰত আপুনি উৎত্থাপন কৰা বিষয়টো ইতিমধ্যেই চৰকাৰে গ্ৰহণ কৰিছে বুলি ক'বনে ?

উত্তৰ- যদিহে চৰকাৰে ঘৰুৱাভাৱে তেনেকুৱা কিবা পদক্ষেপ গ্ৰহণ কৰিছে তেতিয়াহ'লে তাক মই আদৰণি জনাইছো ৷ মোৰ আহ্বান হৈছে ভাৰতীয়ৰ সন্মান আৰু স্বাধীনতা চীনৰ দ্বাৰা ভংগ কৰা বিষয়টো সহজে এৰি দিবলগীয়া নহয় ৷ আৰু তাৰ বাবেই এই কথাখিনি প্ৰকাশ কৰিছো ৷

প্ৰশ্ন- আপুনি কি ভাৱে ? চীনত পানীৰ অভাৱে এই পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছে আৰু পাংগং ছ হ্ৰদৰ ফালে অধিগ্ৰহণ কৰিবলৈ চীনক উৎসাহ প্ৰদান কৰিছে ?

উত্তৰ- সিহতৰ চকু হ্ৰদত নহব পাৰে কিন্তু পানীৰ উৎসৰ ওপৰত আছে যিসমূহ হ্ৰদটোৰ পৰা ওলাইছে ৷ আমি এইক্ষেত্ৰত অধিক সক্ৰিয়তাৰে নিৰীক্ষণ কৰাটো দৰকাৰ ৷ চীনে প্ৰত্যাক্ৰমণ কৰক বা নকৰক, নাইবা এবছৰ পিচত উভটি আহিলেও 1962 চনত আমাৰ পৰা অধিগ্ৰহণ কৰা হ্ৰদসমূহ ওভোটাই বিছাৰি দাবী উত্থাপন কৰিব লাগে আৰু 1962ৰ পূৰ্বে এইসমূহ যিদৰে আছিল তেনেকুৱা অৱস্থাত এৰি দিব লাগে ৷

প্ৰশ্ন- ইটিভি ভাৰতৰ দৰ্শকক আপুনি কি ক'ব বিচাৰিব ?

উত্তৰ- দেশৰ প্ৰতিগৰাকী গৌৰৱী নাগৰিকে বিচাৰিব যে, তেওঁৰ দেশৰ অৰ্থনীতিয়ে উত্থান কৰক ৷ বিশ্বায়নৰ নামত আমি চামুচ, ব্ৰেড আৰু বাটাৰৰ দৰে সাধাৰণ সামগ্ৰীও অন্য দেশৰ পৰা ৰপ্তানি কৰো ৷ আমি দেশৰ ভিতৰতে ঘৰুৱা উৎপাদন আৰু পৰিৱেশত অধিক গুৰুত্ব প্ৰদান কৰাটো উচিত ৷ বিশ্বমুখী এখন পৃথিৱীৰ প্ৰতি আমি গুৰুত্ব দিয়াটো উচিত যিখন পৃথিৱী পৰিৱেশৰ বাবেও সমানে উপযোগী ৷ মই এই আহ্বান কেৱল মাত্ৰ ভাৰতীয়সকলৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ বাবে কৰিছো ৷ মই ইটিভি ভাৰতৰ সকলো দৰ্শককে আহ্বান কৰিছো যাতে তেওঁলোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি “help me change China” আহ্বানটো বিশ্বৰ সকলো প্ৰান্তলৈ বিয়পাই দিয়ে যাৰ ফলত চীনৰ ওপৰত অধিক আন্তঃৰাষ্ট্ৰীয় হেঁচা পৰে ৷ আপোনালোক সকলোৱে “wallet soldiers” আৰু এই দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰক ৷

ABOUT THE AUTHOR

...view details