এখন অস্বাভাৱিক বিয়া ৷ মৃত পিতৃৰ শৱদেহক সাক্ষী কৰি বিয়া কৰালে পুত্ৰই ৷ ঘটনাটো তামিলনাডুৰ ভিল্লাপুৰম অঞ্চলৰ ৷ অহা 2 চেপ্তেম্বৰ তাৰিখে আলেকজেণ্ডাৰ নামৰ যুৱকজনৰ অন্নপূৰ্ণানী নামৰ যুৱতীগৰাকীৰ সৈতে বিবাহৰ দিন ধাৰ্য কৰা হৈছিল ৷
মৃতদেহক সাক্ষী কৰি এখন আজৱ বিয়া - সাক্ষী
মৃত পিতৃৰ শৱদেহক সাক্ষী কৰি বিয়া কৰালে পুত্ৰই ৷ ঘটনাটো তামিলনাডুৰ ভিল্লাপুৰম অঞ্চলৰ ৷
![মৃতদেহক সাক্ষী কৰি এখন আজৱ বিয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4099855-thumbnail-3x2-biya.jpg)
ঈদ-উল-আজ্হা উপলক্ষে উদুলি-মুদুলি পশুবজাৰ
আলেকজেণ্ডাৰে দেউতাকৰ বৰ্তমানতে বিবাহ পাশত আৱদ্ধ হ'ব খুজিছিল ৷ কিন্তু দুৰ্ভাগ্য বশতঃ 9 আগষ্ট তাৰিখে মৃত্যুক আঁকোৱালি লয় আলেকজেণ্ডাৰৰ পিতৃয়ে ৷ ওচৰ চুবুৰীয়া আৰু সম্পৰ্কীয় লোকক আলেকজেণ্ডাৰে পিতৃৰ নশ্বৰ দেহক সাক্ষী কৰি বিবাহ অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰে ৷ সকলোৱে অনুমতি দিয়াত পিতৃৰ নশ্বৰদেহ সন্মুখত ৰাখি যাৱতীয় নিয়মেৰে বিবাহ সম্পন্ন কৰা হয় আলেকজেণ্ডাৰ আৰু অন্নপূৰ্ণানীৰ ৷
বৰ্তমান চ'ছিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ লাভ কৰিছে আলেকজেণ্ডাৰ-অন্নপূৰ্ণানীৰ এই বিশেষ বিবাহখনৰ ফটোৱে ৷