নেশ্যনেল ডেস্ক, 14 অক্টোবৰ :নিয়ন্ত্ৰণ ৰেখা আৰু কাশ্মীৰৰ সীমান্ত অঞ্চলত প্ৰতিৰক্ষা বাহিনীৰ ওপৰত গ্ৰেনেড আক্ৰমণৰ চেষ্টা চলাই অহাৰ প্ৰতি লক্ষ্য ৰাখি সেনা বাহিনীক প্ৰদান কৰা হৈছে নতুন প্ৰশিক্ষণ ৷ হেক্সাকপ্টাৰৰ দ্বাৰা সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ ভাবুকি বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদান কৰা হৈছে এই নতুন প্ৰশিক্ষণ ৷ এতিয়া সৈন্য বাহিনীয়ে শত্ৰুপক্ষৰ ড্ৰ'ন ধংস কৰাৰ প্ৰশিক্ষণ লাভ কৰিব ৷
শত্ৰুপক্ষৰ ড্ৰ'ন ধংস কৰা প্ৰশিক্ষণ কাশ্মীৰৰ সৈন্যক - হেক্সাকপ্টাৰ
নিয়ন্ত্ৰণ ৰেখা আৰু কাশ্মীৰৰ সীমান্ত অঞ্চলত প্ৰতিৰক্ষা বাহিনীৰ ওপৰত গ্ৰেনেড আক্ৰমণৰ চেষ্টা চলাই অহাৰ প্ৰতি লক্ষ্য ৰাখি সেনা বাহিনীক প্ৰদান কৰা হৈছে নতুন প্ৰশিক্ষণ ৷ হেক্সাকপ্টাৰৰ দ্বাৰা সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ ভাবুকি বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদান কৰা হৈছে এই নতুন প্ৰশিক্ষণ ৷
শত্ৰুপক্ষৰ ড্ৰ'ন ধংস কৰা প্ৰশিক্ষণ কাশ্মীৰৰ সৈন্যক
সন্ত্ৰাসবাদ নিৰ্মূল আৰু বিভিন্ন অভিযানৰ বাবে জম্মু-কাশ্মীৰত মোতায়েন কৰা সৈন্য বাহিনীক প্ৰদান কৰা হ'ব এই প্ৰশিক্ষণ ৷ নিয়ন্ত্ৰণ ৰেখাত মোতায়েন হ'বলগা সৈন্যসকলে 14 দিনীয়া আৰু কাশ্মীৰ উপত্যকাত মোতায়েন হ'বলগা সৈন্যই লাভ কৰিব 28 দিনীয়া প্ৰশিক্ষণ ৷
লগতে পঢ়ক :কৃষি আইন: কেন্দ্ৰৰ সৈতে বৈঠকত মিলিত হ'ব 29 কৃষক সংগঠন