COVID 19 ৰ দৰে বৰ্তমানৰ জনস্বাস্থ্যৰ লগত জড়িত জৰুৰীকালীন অৱস্থাত ছ’চিয়েল মিডিয়াই ৰাইজৰ কাষ চপাত সুবিধা কৰি দিয়ে । ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ বহু সুবিধা থকাৰ পাছতো এয়া মনত ৰখাটো উচিত যে ছ’চিয়েল মিডিয়া দুফালে ঢাৰ থকা তৰোৱাল সদৃশ হ’ব পাৰে । যেনেদৰে ছ’চিয়েল মিডিয়াত ইতিবাচক আৰু প্ৰকৃত তথ্য প্ৰচাৰ কৰা হয় একেদৰে উৰা বাতৰি আৰু মিছা তথ্যও ছ’চিয়েল মিডিয়াত সহজে ব্যৱহাৰ কৰিব পাৰি । গতিকে ছ’চিয়েল মিডিয়াত কোনো তথ্য সৃষ্টি, লাইক কৰা বা শ্বেয়াৰ কৰাৰ আগতে আমি সতৰ্ক হোৱাটো প্ৰয়োজন । বিগত কিছু সপ্তাহৰ ঘটনা-পৰিঘটনাসমূহে ছ’চিয়েল মিডিয়াৰ এই দুটা দিশক স্পষ্ট কৰিছে ।
ভাল দিশসমূহ :
হাত ধোৱা, শাৰীৰিক দূৰত্ব আৰু নিজকে কোৱাৰেণ্টাইনত ৰখাৰ দৰে বাৰ্তাসমূহ জনসাধাৰণৰ মাজলৈ প্ৰেৰণ কৰাৰ বাবে সৃষ্টি কৰা বা প্ৰচাৰ কৰা সৃষ্টিশীল লেখা, ফটো, ভিডিঅ’ আৰু গ্ৰাফিক্সবোৰক ভাল দিশ বুলি ক’ব পাৰি । উদাহৰণস্বৰূপে বিশ্ব স্বাস্থ্য সংস্থা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, পাব্লিক হেলথ্ ফাউণ্ডেশ্বন অৱ্ ইণ্ডিয়াকে ধৰি কেনেদৰে ২০ ছেকেণ্ডৰ বাবে হাত ধুব লাগে (হেপ্পী বাৰ্থডে গানটো ব্যৱহাৰ কৰি)বা কেনেদৰে শাৰীৰিক দূৰত্ব ৰক্ষা কৰিব লাগে সেয়া ৰাইজক দেখুৱাই ছ’চিয়ল মিডিয়াৰ সঠিক ব্যৱহাৰ কৰিছে ।
২২ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে কেইবা মিলিয়ন লোকে স্বাস্থ্য কৰ্মীসকলৰ বাবে হাত চাপৰি মৰাই নহয় তেওঁলোকে ছ’চিয়েল মিডিয়াত সেয়া মিলিয়ন মিলিয়ন লোকৰ সৈতেও শ্বেয়াৰ কৰে । ঘৰৰ পৰা দূৰত থকা বহু স্বাস্থ্য কৰ্মীয়ে ভাৰতীয়সকলৰ তেওঁলোকৰ প্ৰতি প্ৰশংসা আৰু সমৰ্থন প্ৰত্যক্ষ কৰিবলৈ সক্ষম হয় । স্বাস্থ্য কৰ্মী আৰু আবদ্ধ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে খাদ্য আৰু আন অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰাৰ দৰে সমূহীয়া কাৰ্যকলাপৰ বাবেও ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা হৈছে । চেলিব্ৰিটীসকলেও ভাৰতত লক্ ডাউন পালন কৰাৰ বিষয়ে ভিডিঅ’ আৰু মেছেজসমূহ প্ৰচাৰ কৰি আহিছে । বিজ্ঞানী, সাংবাদিক আৰু স্বাস্থ্য কৰ্মীসকলে চৰকাৰৰ নীতি, শেহতীয়া খবৰবোৰৰ বিষয়ে আলোচনা কৰাৰ লগতে তেওঁলোকৰ সতীৰ্থকলক সামাজিক আৰু আৱেগিক সমৰ্থন আগবঢ়াই আহিছে । নিউজ চেনেলসমূহৰ বাবেও ছ’চিয়েল এপে তেওঁলোকে সাঙুৰিব পৰা লোকৰ সংখ্যা বৃদ্ধি কৰে আৰু নতুনদৰ্শকসকলৰ পৰা অতিৰিক্ত ‘ভিউজ’ লাভ কৰে ।
নেতিবাচক দিশসমূহ :
দুটা পৃথক ঘটনাত দুই দম্পতী কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি হোৱাটছএপত ভুৱা বাতৰি প্ৰচাৰ কৰাৰ বাবে মুম্বাই আৰু কলহাপুৰৰ দুগৰাকী লোকক পৃথকে পৃথকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । COVID সম্পৰ্কীয় ভুৱা তথ্য ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ বাবে কলকাতাত আৰক্ষীয়ে ২৯ বছৰীয়া এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে । স্বয়ম্ভূ গুৰুসকলে গোমূত্ৰ খালে কেনেদেৰ ভাইৰাছৰ পৰা বাচি থাকিব পাৰি তেনে ভিডিঅ’ ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ কৰে ।
উৰা বাতৰি আৰু ভুৱা তথ্য চাৰি প্ৰকাৰৰ হ’ব পাৰে—
(১)ভালদৰে খবৰ নোপোৱাকৈ ভুল তথ্য কিছুমান লোকে প্ৰচাৰ কৰে কিয়নো তেওঁলোকে বাবে সেই তথ্যবোৰ উপকাৰী । এই তথ্যবোৰ তেওঁলোকৰ ভয়ৰ বাবে প্ৰচাৰ কৰে আৰু কোনো প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত নহয় ।
(২) নিজৰ বিশ্বাসৰ ওপৰত ভিত্তি কৰি ক্ষতিকাৰক তথ্য বহুতে প্ৰচাৰ কৰে ।
(৩) ইচ্ছাকৃতভাৱে মানুহক ভয় খুৱাবলৈ প্ৰচাৰ কৰা ভুৱা তথ্য ।
(৪) দ্ৰুতগতিৰে দৃশ্যপট সলনি হোৱা পৰিস্থিতিত পুৰণি হৈ পৰা বা ভুল তথ্য ।
ভুৱা তথ্যৰ কবলত নপৰাকৈ কেনেদৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব পাৰি তাৰ বিষয়ে ইয়াত কেইটামান উপায় দিয়া হ’ল । যেতিয়া আপুনি ফেচবুক-টুইটাৰত এটা পোষ্ট দেখিলে বা হোৱাটছএপত ফৰৱাৰ্ড কৰা মেছেজ লাভ কৰে তেতিয়া লগে লগে তলত দিয়া বিষয়সমূহ পৰীক্ষা কৰক-
উৎস :
যিকোনো তথ্যৰ প্ৰথমে উৎসটো বিশ্বাস্যোগ্য হয় নে নহয় পৰীক্ষা কৰক বা এই তথ্যৰ কিবা উৎস আছে নে নাই সেয়া নিশ্চিত হওক ।
লেখকগৰাকী নিৰ্দিষ্ট বিষয়টোৰ ক্ষেত্ৰত অভিজ্ঞ হয় নে নহয় সেয়া চাওক । তেওঁ পূৰ্বে এই বিষয়টোৰ ওপৰত লিখিছিলনে? পূৰ্বতে প্ৰকাশিত লেখাবোৰেও এই ক্ষেত্ৰত সহায় কৰিব পাৰে ।