পশ্চিম বংগ ,22 মাৰ্চ: দাৰ্জিলিঙৰ ফাঁচীডেৱাৰ সমীপত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছত অগ্নিকাণ্ড ৷ চাৰিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ অগ্নিনিৰ্বাপনৰ চেষ্টা ৷
ডিব্ৰুগড় অভিমুখী ৰে'লত জুইঃ যাত্ৰীৰ মাজত হাহাকাৰ - ডিব্ৰুগড়
অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ অগ্নিনিৰ্বাপনৰ চেষ্টা ৷ ৰে'লখনৰ ইঞ্জিনত জুইৰ সূত্ৰপাত হৈ ডবাকেইটালৈ বিয়পি পৰে বুলি সন্দেহ কৰা হৈছে ৷
![ডিব্ৰুগড় অভিমুখী ৰে'লত জুইঃ যাত্ৰীৰ মাজত হাহাকাৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2765346-772-2595b882-d826-4c7b-bac2-feb133940211.jpg)
DIBRUGARH
শুকুৰবাৰে পুৱাৰ ভাগত চটেৰহাট ষ্টেচনৰ সমীপত ডিব্ৰুগড় অভিমুখী চণ্ডীগড় - ডিব্ৰুগড় এক্সপ্ৰেছত হঠাতে এটা ডবাৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰি যাত্ৰীসকলৰ মাজত হুৱা দুৱালাগে ৷ ৰে'লখনৰ ইঞ্জিনত জুইৰ সূত্ৰপাত হৈ ডবাকেইটালৈ বিয়পি পৰে বুলি সন্দেহ কৰা হৈছে ৷ যাত্ৰীসকলে ৰে'লখনৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে ৷ চাৰিখনকৈ অগ্নিনিৰ্বাপনক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে ৷ অগ্নিকাণ্ডৰ ফলত বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই ৷