15000 পেলনীয়া প্লাষ্টিক বটলেৰে মুচৌৰীত নিৰ্মাণ হৈছে "আশাৰ দেৱাল"
য'ত-ত'ত আৱৰ্জনা পেলোৱাৰ বিৰুদ্ধে পৰ্যটকৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি নিৰ্মাণ কৰা হৈছে এই দেৱালৰ । ১৫০০ ফুট দীঘল আৰু ১২ ফুট বহল প্লাষ্টিকৰ দেৱাল খনে কঢ়িয়াইছে "আৱৰ্জনা মুক্ত পাহাৰৰ" বাৰ্তা ।
নেচনেল ডেক্স, ৩০ জুলাই : উত্তৰাখণ্ডৰ মুচৌৰীৰ বাংলো কি কাণ্ডি গাঁৱত নিৰ্মাণ কৰা হৈছে এখন বিশেষ দেৱালৰ । প্ৰাকৃতিক পৰিৱেশৰ ব্যাপক অৱনতি ঘটা সময়তে কেৱল আৱৰ্জনা মুক্ত পৰিস্কাৰ পৰিৱেশ গঢ়াৰ উদ্দেশ্যৰে 15000 পেলনীয়া প্লাষ্টিক বটলৰে নিৰ্মাণ কৰা হৈছে "আশাৰ দেৱাল" নামৰ দেৱালখনৰ । গাঁও প্ৰধান ৰীনা ৰংগলে উদ্বোধন কৰা ৱাল খনৰ ডিজাইন মিউজিয়াম অফ গোৱাৰ প্ৰতিষ্ঠাপক সুবোধ কাৰেকাৰে । প্ৰকল্পটোৰ মেনেজাৰ অৰবিন্দ শুক্লাই জনোৱা মতে স্থানীয় স্কুল-কলেজৰ 50 জন স্বেচ্ছাসেৱক ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এই ৱালৰ নিৰ্মাণ কৰা হৈছে । "আশাৰ দেৱালে" এতিয়া অঞ্চলটোৰ পৰিৱেশ সংৰক্ষণ তথা আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি বাসিন্দাসকলৰ প্ৰত্যাশা ।