অসম

assam

By

Published : Feb 26, 2020, 8:51 PM IST

ETV Bharat / bharat

দিল্লী আৰক্ষীৰ হেড কনিষ্টবল ৰতন লালক শ্বহীদৰ মৰ্যদা

দিল্লী আৰক্ষীৰ হেড কনিষ্টবল ৰতন লালক শ্বহীদৰ মৰ্যদা প্ৰদান কৰা হয় ৷ ৰাজস্থানৰ শ্বিকাৰ জিলাৰ টিহাভালী গাঁৱৰ বাসিন্দা ৰতন লালৰ পৰিয়ালে তেওঁক শ্বহীদৰ মৰ্যদা দিয়াৰ বাবে দাবী উত্থাপন কৰিছিল ৷

দিল্লী আৰক্ষীৰ হেড কনিষ্টবল ৰতন লালক শ্বহীদৰ মৰ্যদা
দিল্লী আৰক্ষীৰ হেড কনিষ্টবল ৰতন লালক শ্বহীদৰ মৰ্যদা

নিউজ ডেস্ক, 26 ফেব্ৰুৱাৰী :দিল্লী আৰক্ষীৰ হেড কনিষ্টবল ৰতন লাল, যাক উত্তৰ-পূব দিল্লীত নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদৰ সময়ত নৃশংসভাৱে হত্যা কৰা হৈছিল, তেওঁলৈ আগবঢ়োৱা হৈছে শ্বহীদৰ মৰ্যদা ৷ ইয়াৰ উপৰিও তেওঁৰ পত্নীক এটি চৰকাৰী চাকৰিৰ লগতে 1 কোটি টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰা হৈছে ৷ ৰাজস্থানৰ শ্বিকাৰ জিলাৰ বাসিন্দা ৰতন লালক শ্বহীদৰ মৰ্যদা প্ৰদান কৰিবৰ বাবে ব্যাপক প্ৰতিবাদ হৈছিল ৷ ইয়াৰ পিচতেই শ্বিকাৰ জিলাৰ বিধায়ক স্বামী সুমেধানন্দ সৰস্বতীয়ে এই কথা ঘোষণা কৰে ৷

দিল্লী আৰক্ষীৰ হেড কনিষ্টবল ৰতন লালক শ্বহীদৰ মৰ্যদা

নতুন দিল্লীৰ গকুলপুৰীত অতিৰিক্ত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত নিয়োজিত আছিল 42 বছৰীয়া হেড কনিষ্টবল ৰতন লাল ৷ উত্তৰ-পূব দিল্লীত সংঘটিত হোৱা হিংসাৰ সময়ত শিল দলিয়াই হত্যা কৰা হৈছিল আৰক্ষী হেড কনিষ্টবলগৰাকীক ৷ ৰতন লালৰ মৃত্যুৰ পিচতেই কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁৰ পৰিয়াললৈ চিঠি লিখি শোকপ্ৰকাশ কৰিছিল ৷

ABOUT THE AUTHOR

...view details