অসম

assam

By

Published : Sep 2, 2020, 2:24 PM IST

ETV Bharat / bharat

দক্ষ স্তনপানে শিশুৰ সৰ্বোত্তম পুষ্টি নিশ্চিত কৰে

বহু সময়ত মাতৃয়ে শিশুটিৰ বাবে পৰ্যাপ্ত দুগ্ধ যোগান ধৰিব নোৱাৰাৰ বাবে টপ ফিড বা ফৰ্মুলা গাখীৰৰ পান কৰায় ৷ এইটো নৱজাতকৰ মাতৃয়ে কৰা এটা অতি সাধাৰণ ভুল ৷ এইক্ষেত্ৰত দক্ষ অনুশীলনে মাতৃগৰাকীক শিক্ষিত কৰাত সহায় কৰে ৷

Skilled Breastfeeding ensures optimal Nutrition to the baby
দক্ষ স্তনপানে শিশুৰ সৰ্বোত্তম পুষ্টি নিশ্চিত কৰে

বহু সময়ত মাতৃয়ে শিশুটিৰ বাবে পৰ্যাপ্ত দুগ্ধ যোগান ধৰিব নোৱাৰাৰ বাবে টপ ফিড বা ফৰ্মুলা গাখীৰৰ পান কৰায় ৷ এইটো নৱজাতকৰ মাতৃয়ে কৰা এটা অতি সাধাৰণ ভুল ৷ এইক্ষেত্ৰত দক্ষ অনুশীলনে মাতৃগৰাকীক শিক্ষিত কৰাত সহায় কৰে ৷

এইক্ষেত্ৰত মহাৰাষ্ট্ৰৰ নাসিকৰ Developmental, Adolescent’s and Lactation Pediatrician, at Jagadisha Child Guidance and Lactation Management Clinicৰ ডা0 শ্যামা জগদীশ কুলকৰ্নী, M.B.B.S, D.C.H, I.B.C.L.C এ পৰামৰ্শ আগবঢ়াইছে ৷

দক্ষ স্তনপানে শিশুৰ সৰ্বোত্তম পুষ্টি নিশ্চিত কৰে

কি কৰা প্ৰয়োজন?

এইক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদনসমূহ

1. প্ৰসৱৰ প্ৰথম 5 মিনিটত, কৰ্ডডাল কটাৰ পূৰ্বে, নৱজাতকক স্তনত ৰাখিব লাগে যাতে শিশুটোৱে নিজে দুগ্ধপান কৰিব পাৰে ৷ এই প্ৰচেষ্টাই স্তনপানৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়াটোক সফল কৰি তোলে ৷

2.এঘন্টাৰ ভিতৰত, শিশুটোৱে নিজে দুগ্ধপান কৰিবলৈ আৰম্ভ কৰে, লগতে শিশুটোৱে মাতৃৰ নিপলৰ গোন্ধ অনুভৱ কৰিবলৈ সক্ষম হয় ৷ এই গোন্ধৰ গৰ্ভধাৰণৰ সময়ত শিশুটোৱে শুই থকা আৰু মাতৃৰ হৃদস্পন্দন শুনা Amniotic fluidৰ সৈতে সামঞ্জস্য আছে ৷

3. প্ৰথম 6 মাহত শিশুটোক অনন্য স্তনপান কৰাবলৈ প্ৰয়াস কৰক ৷ কোনোধৰণৰক ঘুটি, মৌ আৰু পানী খুৱাবলৈ চেষ্টা নকৰিব ৷

4. ঘৰত ৰন্ধা স্বাস্থ্যসন্মত খাদ্যৰ লগতে semisolid diet আৰু স্তন্যাপন কৰাওক ৷

5. খুওৱাৰ সময়ত শিশুটোৰ সৈতে কথাবতাৰ পাতক

প্ৰধান কাৰণসমূহঃ শিশুটোৱে কেনেদৰে স্তনটো ধৰে?

মাতৃয়ে কেনদৰে বহিছে?

মাকে শিশুটোক কেনেদৰে ধৰিছে?

শিশুৰ ক্ষেত্ৰতঃ শিশুটোৰ মূৰ আৰু দেহটো একে দিশতে থাকিব লাগে

শিশুটো সম্পূৰ্ণভাৱে মাতৃৰ ভাৱে মুখ কৰি থাকিব লাগে

শিশুটোৰ পেটটো মাকক স্পৰ্শ কৰি থাকিব লগে

শিশুটোৰ পিঠি আৰু মুৰটো মাকে নিজ হাতেৰে ধৰি থাকিব লাগে

মাতৃৰ ক্ষেত্ৰতঃ মাতৃগৰাকীয়ে নিজৰ সুবিধা অনুযায়ী বহিব লাগে

স্তনটো C-position(বুঢ়া আঙুলি আৰু চাৰিটা আঙুলিৰ মাজত)

শিশুটোৰ ওপৰৰ ওঠটো নিপলৰ সন্মুখভাগেৰে হেচি ধৰি লাগে, যাতে শিশুটোৱে ভালদৰে মুখখন মেলিব পাৰে ৷

শিশুটোক স্তনপান কৰোৱাৰ সময়ত শিশুটোৰ সৈতে কথা পাতক

চেলেঞ্জ তথাস্তনপানৰ ক্ষেত্ৰত পৰামৰ্শদাতাসকলে কিদৰে সহায় কৰিব পাৰেঃ

-যেতিয়া মাতৃগৰাকীৰ স্তনাবৃত্ত ফাঁটমেলা তথা বিপৰীতমুখী হয় তেতিয়া মাতৃগৰাকী স্তনপানৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বান সন্মুখীন হয় ৷

-শিশুটোৰ অৱস্থান স্থিৰ কৰাটো সহায়কাৰী হয়

- এইসমূহ সমস্যাৰ ক্ষেত্ৰত বিশেষজ্ঞৰ সহায় গ্ৰহণ কৰাটো ভাৰতত সাধাৰণ অনুশীলন নহয় লগতে অনুচিত বুলি বিবেচনা কাৰ হয় ৷

- প্ৰথম দুদিন স্তনৰ দুগ্ধক colostrum বুলি কোৱা হয় আৰু ইয়াত ক্ষৰণ কম হয় ৷ ইয়াক শিশুটোৰ প্ৰথম ভেকচিন বুলিও কোৱা হয় ৷

শিশুৰ দুগ্ধপানৰ ক্ষেত্ৰত বহু লোকে ফৰ্মুলা গাখীৰ পান কৰায় ৷ তেঁওলোকে ভাৱে যে, তেঁওলোকে মাতৃগৰাকীক বিশ্ৰাম প্ৰদান কৰিছে ৷ শিশুটোৱে দুগ্ধপান নকৰিলে মাতৃগৰাকীৰ গাখীৰ কমি যোৱাৰ সম্ভাৱনা থাকে, বেয়া গাখীৰ ওলায়, নিপল ফাঁটি যায়, অথবা শিশুটো ভোকত থাকিবলগীয়া হয় ৷

স্তনপান প্ৰৰ্যাপ্ত হোৱা বুলি কেনেদৰে ধাৰণা কৰিবঃ

-শিশুটোৱে 24 ঘন্টাত অতি কমেও 6 বাৰ প্ৰস্ৰাৱ কৰিব লাগিব

- এমাহত অতি কমেও 500 গ্ৰাম ওজন বৃদ্ধি পাব লাগিব ৷

স্তনপানৰ বাবে মাতৃয়ে গ্ৰহণ কৰিবলগীয়া কিছু নীতিঃ

-মাতৃ আৰু শিশুটোক একেখন বিছনাতে ৰখাৰ ব্যৱস্থা কৰক ৷

- এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত শিশুটোক দুগ্ধপান কৰাওক ৷

- স্তনৰ গাখীৰ অতি সোনকালে হজম হয় ৷ যাৰ ফলত শিশুটোৱে ভোক অনুভৱ কৰে ৷

- মাতৃয়ে নিয়মীয়া খাদ্যভ্যাস গ্ৰহণ কৰিব লাগে ৷

- যদি মাতৃগৰাকীয়ে জাংক ফুড, পানীয় আৰু কফি জাতীয় খাদ্য গ্ৰহণ কৰে তেন্তে শিশুটোৱে অত্যাধিক কান্দে ৷

- মাতৃগৰাকীয়ে অত্যাধিক গৰুৰ গাখীৰ গ্ৰহণ কৰিলে শিশুটোৰ গেছৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে ৷

-মাতৃগৰাকী ক’ভিড পজিটিভ হ’লেও শিশুটোক দুগ্ধপান কৰাব পাৰে ৷

ABOUT THE AUTHOR

...view details