নিউজ ডেস্ক, 9 আগষ্ট: আগন্তুক 14 আগষ্টত অনুষ্ঠিত হ’বলগীয়া ৰাজস্থানৰ বিধানসভা অধিৱেশনৰ পূৰ্বেই 6 গৰাকী বিজেপি বিধায়ক গুজৰাটৰ পোৰবন্দৰত উপস্থিত হয় ৷
উল্লেখ্য যে, ৰাজস্থানৰ আৰু অধিক সংখ্যক বিজেপি বিধায়ক গুজৰাটত উপস্থিত হ’ব ৷ বিশেষ চাৰ্টাৰ্ড বিমানেৰে পোৰবন্দৰত উপস্থিত হোৱাৰ পাচত এগৰাকী বিধায়কে সদৰি কৰে এই কথা ৷ ইয়াৰোপৰি, বিজেপি বিধায়ক নিৰ্মল কুমাৱতে সংবাদ মাধ্যমযোগে অভিযোগ উত্থাপন কৰি কয় যে, ‘‘ৰাজস্থানত কংগ্ৰেছে বিৰোধী দলৰ বিধায়কসকলৰ মাজত অশান্তিৰ সৃষ্টি কৰি আছে আৰু কয় যে, তেওঁলোকে মানসিক শান্তি বিচাৰি সোমনাথ যাত্ৰা কৰিছিল’’ ৷
লগতে বিধায়ক গৰাকীয়ে কয় যে, ‘‘আমি ভগৱান সোমনাথৰ দৰ্শন কৰি মানসিক অশান্তি কম কৰাৰ বাবে সিদ্ধান্ত লৈছো ৷ কিন্তু ইয়াত আমি নিজেই কংগ্ৰেছ চৰকাৰৰ পৰা বাছিবলৈ প্ৰয়াস কৰিছো, যিয়ে আমাৰ পক্ষে ভোট দিয়াসকলৰ ওপৰত চাপ দি আছে’’ ৷