নেশ্যনেল ডেস্ক, 25 জানুৱাৰী : দেওবাৰে মধ্য মালিত মালিয়ান সেনাবাহিনীৰ ওপৰত কোনো দুস্কৃতিকাৰীয়ে চলায় আক্ৰমণ ৷ এই আক্ৰমণত ছয়জনকৈ মালিয়ান সেনা নিহত হয় ৷ মালিয়ান সশস্ত্ৰ বাহিনী (এফএমএ) তেওঁলোকৰ আনুষ্ঠানিক ৱেবছাইটত প্ৰকাশ কৰে এই তথ্য ৷
এক প্ৰেছ বিজ্ঞপ্তিত FAMA এ প্ৰকাশ কৰা অনুসৰি,দেওবাৰে ব'লকেচি আৰু মণ্ডোৰোৰ দুটাকৈ এফএএমএ সেনা চাউনিত গুলিয়াগুলিৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত ৬ জন মালিয়ান সেনা নিহত হোৱাৰ লগতে আহত হয় ১৮ জনকৈ মালিয়ান সেনা ৷ এই ঘটনাৰ সৈতে কোন জড়িত বৰ্তমানলৈকে সেয়া জানিব পৰা হোৱা নাই যদিও FAMA এ এই ঘটনাৰ সৈতে সন্ত্ৰাসবাদী গোট সমৰ্থন (জামাইত নুছৰত আল-ইছলাম ৱা আল-মুছলমান, জেএনআইএম) জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰে ৷
অন্য এক খবৰৰ বাবে: উড়িষ্যাত বন্য ক’লা পৰুৱাৰ পৰা তৈয়াৰী এবিধ সুস্বাদু চচ্
এফএএমএ প্ৰকাশ কৰা অনুসৰি,মালিয়ান সেনাৰ ওপৰত জটিল আৰু ধাৰাবাহিক আক্ৰমণৰ লক্ষ্য বান্ধি লৈছিল আনটো দলে ৷ প্ৰায় 30 জন মালিয়ান সেনাই আনটো দুস্কৃতিকাৰীৰ দলটোক প্ৰত্যুত্তৰ দিছিল বুলি মালিয়ান সেনাই প্ৰকাশ কৰে ৷ ঘটনাস্থলীৰ পৰা উদ্ধাৰ হয় প্ৰায় 40 খনকৈ মটৰচাইকেল আৰু এক বৃহৎ সামৰিক সঁজুলি ৷ পূৰ্বেও বুৰ্কিনা ফাছোৰ সীমান্তত ব'লকেচি আৰু মণ্ডোৰোৰ দুটা সেনা চাউনিত হোৱা আক্ৰণত নিহত হৈছিল 40জনকৈ মালিয়ান সেনা ৷ ২০১৯ চনৰ ৩০ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই ঘটনা ৷
অন্য এক খবৰৰ বাবে:কোকৰাঝাৰত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান পালন
প্ৰাপ্ত খবৰ অনুসৰি,২০১২ চনৰ পৰা,চাহেল অঞ্চলৰ নিৰাপত্তা পৰিস্থিতি উদ্বেগজনক হৈ আছে ৷ ২০১২ চনৰ পৰা মধ্য মালিত বৰ্তমানলৈকে অব্যাহত আছে এনে বহু আক্ৰমণৰ ঘটনা ৷ য'ত বহু নিৰীহ মালিয়ান সেনা নিহত হৈ আছে ৷