অসম

assam

By

Published : Dec 20, 2019, 9:36 PM IST

ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী প্ৰতিবাদত উত্তৰ প্ৰদেশত নিহত 5

সমগ্ৰ দেশ উত্তাল হৈ পৰিছে নাগৰিকত্ব সংশোধনী আইনক লৈ,উত্তৰ প্ৰদেশৰ ভিন ভিন এলেকাত প্ৰতিবাদৰ সুযোগ লৈ একাংশই হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ ঘটনাও পোহৰলৈ আহিছে,আৰক্ষীয়ে ৰাজ্যখনত 144 ধাৰা জাৰি কৰে

উত্তৰ প্ৰদেশত নিহত 5
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

বুলণ্ডচহৰ,20 ডিচেম্বৰঃ উত্তৰ প্ৰদেশত শুকুৰবাৰৰ দিনটোত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদী কাৰ্যসূচীত নিহত লোকৰ সংখ্যা 5 জন বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ৷

সম্প্ৰতিসমগ্ৰ দেশ উত্তাল হৈ পৰিছে নাগৰিকত্ব সংশোধনী আইনক লৈ ৷ দেশৰ সৰ্বত্ৰে এই আইন বিৰোধী প্ৰতিবাদ অব্যাহত আছে ৷ উত্তৰ প্ৰদেশৰ ভিন ভিন এলেকাত প্ৰতিবাদৰ সুযোগ লৈ একাংশই হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ ঘটনাও পোহৰলৈ আহিছে ৷ ৰাজ্যখনৰ বুলণ্ডচহৰত এই প্ৰতিবাদৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিয়ে ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷

বুলণ্ডচহৰত এলেকাতো বিয়পিছে সংশোধিত নাগৰিকত্ব আইন বিৰোধী জুই

শুকুৰবাৰে চহৰখনৰ স্থানীয় আৰক্ষী চকীৰ সন্মুখত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত গুলিয়াগুলিৰ ঘটনা সংঘটিত হয় ৷ পৰিস্থিতি শোচনীয় হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে চহৰখনত 144 ধাৰা জাৰি কৰে ৷ উল্লেখ্য যে, অসমৰ সমানে সমানে উত্তৰ প্ৰদেশতো কা বিৰোধী প্ৰতিবাদে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ৷ গোৰখপুৰতো সমান্তৰালকৈ দেখা গৈছে কা বিৰোধী আন্দোলন ৷ শেহতীয়াকৈ সুৰক্ষাৰ স্বাৰ্থত চহৰখনত বৃহৎসংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ৷ইফালে হঠৰছ এলেকাতো বিয়পিছে সংশোধিত নাগৰিকত্ব আইন বিৰোধী জুই ৷ অঞ্চলটোত প্ৰতিবাদী মিছিলক বাধা প্ৰদান কৰাৰ বাবে আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত বিতৰ্ক সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷

আৰক্ষীয়ে চহৰখনত 144 ধাৰা জাৰি কৰে

কাণপুৰঃ উত্তৰ প্ৰদেশৰ হিংসাত্মক ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি কাণপুৰত বৃহস্পতিবাৰে হাই এলাৰ্ট জাৰি কৰা হৈছিল ৷ কিন্তু ইয়াক উপেক্ষা কৰি অধিকাংশ জনতাই কা বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী জনতাক ৰাজপথত অৱস্থান কৰা দেখা যায় ৷ 144 ধাৰা জাৰি কৰাৰ পিছতো চহৰখনত শুকুৰবাৰে দিনৰ ভাগত নামাজৰ পিছত এক প্ৰতিবাদী সমদল বাহিৰ হয় ৷ এই প্ৰতিবাদৰ সুযোগ লৈ একাংশই আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰে ৷ প্ৰত্যুত্তৰত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰে ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

চহৰখনৰ দক্ষিণ প্ৰান্তৰ বাবুপুৰব্বা এলেকাত বিক্ষোভ প্ৰদৰ্শনকাৰীসকলে চাৰিখন বাহনত অগ্নিসংযোগ কৰে ৷ আৰক্ষীয়ে প্ৰতিবাদকাৰী দলটোক উদ্দেশ্যি গুলিচালনা কৰাত 8 জন লোক আহত হয় ৷ আহতসকলক স্থানীয় মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ এচ এচ পি অনন্ত দেৱ তিৱাৰীয়ে কয় যে, আৰক্ষীয়ে ঘটনা সম্পৰ্কত ইতিমধ্যে 25 জন লোকক আটক কৰিছে ৷

লগতে চাওকঃদেশৰ আন ৰাজ্যৰ বাবে আদৰ্শ স্বৰূপ অম্বিকাপুৰ পৌৰ নিগম

ABOUT THE AUTHOR

...view details