অসম

assam

ETV Bharat / bharat

ভাৰতৰ পৰিস্থিতি পূৰ্বতকৈ বহু উন্নত : হৰ্ষ বৰ্ধন - কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধন

দেশৰ কৰ'ণা ভাইৰাছৰ পৰিস্থিতি পূৰ্বতকৈ যথেষ্ট উন্নত বুলি মন্তব্য কৰিছে হৰ্ষ বৰ্ধনে ৷ এইমছত উপস্থিত হৈ এই মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৷

এইমছত উপস্থিত বৰ্ধন
হৰ্ষ বৰ্ধন

By

Published : Apr 26, 2020, 9:48 PM IST

নেশ্যনেল ডেস্ক, 26 এপ্ৰিল : দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে কয় যে, দেশৰ কৰ'ণা ভাইৰাছৰ পৰিস্থিতি পূৰ্বতকৈ যথেষ্ট উন্নত ৷ ইয়াৰোপৰি, হটস্পট জিলাসমূহ (HSD) নন-হটস্পট জিলালৈ (NHSD) পৰিৱৰ্তন হোৱাৰ দিশত বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

All India Institute of Medical Sciences (AIIMS) ৰ ট্ৰ'মা চেন্টাৰ ভ্ৰমণ কৰি এই মন্তব্য কৰে হৰ্ষ বৰ্ধনে ৷ COVID-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে চেন্টাৰটোৱে কিদৰে প্ৰস্তুতি চলাইছে এই সম্পৰ্কত পৰ্যালোচনাৰ বাবে এইমছৰ চেন্টাৰটো ভ্ৰমণ কৰিছিল মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, 15 এপ্ৰিলত স্বাস্থ্য় মন্ত্ৰণালয়ে দেশৰ 170 খন জিলাক COVID-19 হটস্পট আৰু 207 খন জিলাক নন-হটস্পট জিলা ঘোষণা কৰিছিল ৷ সেই অনুসৰি, অধিক আক্ৰান্ত লোক থকা জিলাসমূহ হটস্পট হিচাপে ঘোষণা কৰিছিল মন্ত্ৰণালয়ে ৷

দেওবাৰৰ এই ভ্ৰমণত মন্ত্ৰীগৰাকীয়ে কিছুসংখ্যক COVID-19 আক্ৰান্ত ৰোগীৰ সৈতে ভিডিঅ' কলৰ জৰিয়তে বাৰ্তালাপ কৰে ৷ ৰোগীৰ তৰফৰ পৰা ৰবটে ভিডিঅ' কলৰ সকলো কাম সম্পন্ন কৰে ৷ ৰোগীসকলৰ পৰাও তেওঁ এইমছৰ বিভিন্ন সা-সুবিধা সম্পৰ্কত প্ৰতিক্ৰিয়া জানিব বিচাৰে ৷

এই পৰ্যালোচনাৰ পাচতে বৰ্ধনে এইমছে 24X7 সেৱা প্ৰদান কৰি অহাৰ বাবে প্ৰশংসা আগবঢ়ায় ৷ ইয়াৰোপৰি, তেওঁ দেশৰ জনতাক লকডাউন মানি চলিবৰ বাবেও আহ্বান জনায় ৷

ABOUT THE AUTHOR

...view details