নেশ্যনেল ডেক্স, 4 চেপ্তেম্বৰঃ লেহত ভাৰত-চীন সীমান্তত অব্যাহত থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বুজ লোৱাৰ বাবে বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে লেহত উপস্থিত হৈছে সেনা প্ৰধান এম.এম.নাৰাভানে ৷ শুকুৰবাৰে এই সন্দৰ্ভত মন্তব্য কৰি সেনাপ্ৰধান গৰাকীয়ে কয় যে, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পৰিস্থিতি অতি গুৰুতৰ ৷ এইক্ষেত্ৰত ভাৰতীয় সেনাৰ দ্বাৰা গ্ৰহণ কৰা সতৰ্কতামূলক পদক্ষেপে পৰিস্থিতি নিয়ন্ত্ৰিত কৰি ৰখাত সহায় কৰিব ৷
নাৰাভানে কয় ,‘লেহত উপস্থিত হোৱাৰ পিছতে মই বিভিন্ন বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈছো ৷ মই পৰিস্থিতি পৰ্যবেক্ষণ কৰিছো ৷ জোৱানসকলৰ মনোবল অতি উচ্চ আৰু তেঁওলোক সকলো পৰিস্থিতিৰে মুখামুখী হোৱাৰ বাবে প্ৰস্তুত ৷’ ৷
তেখেতে আৰু কয় যে, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পৰিস্থিতি সম্প্ৰতি কিছু স্পৰ্শকাতৰ আৰু গম্ভীৰ ৷ কিন্তু আমি এই সন্দৰ্ভত চিন্তা-চৰ্চা কৰি আছো ৷ আমাৰ সুৰক্ষাৰ বাবে আমি কিছুমান সতৰ্কতামূলক পদক্ষেপে গ্ৰহণ কৰিছো ৷ আৰু আমি এইটোও নিশ্চিত কৰিছো যে এইক্ষেত্ৰত পৰিস্থিতি সলনি নহওক ৷ আমি পদক্ষেপ গ্ৰহণ কৰিছো আৰু আমি আমাক সহায় কৰিম ৷