অসম

assam

ETV Bharat / bharat

জয়পুৰত CAA ৰ সমৰ্থনত নিৰ্মলা সীতাৰমনৰ সজাগতা সভা

দেশব্যাপী নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ মাজতে বিতৰ্কিত আইনখনকলৈ জয়পুৰত সজাগতা সভা সম্বোধন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ৷

By

Published : Jan 5, 2020, 4:53 PM IST

জয়পুৰ
জয়পুৰত CAA ৰ সপক্ষে নিৰমলা শিতাৰামনৰ সজাগতা সভা

নেশ্বনেল ডেস্ক, 5 জানুৱাৰীঃ দেশৰ ভিন্ন প্ৰান্তত চলিছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ প্ৰতিবাদৰ মাজতে দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আইনখনৰ সপক্ষে জয়পুৰত সজাগতা সভাৰ আয়োজন কৰে ৷ জয়পুৰৰ কাগজি মহল্লাৰ খুদাবক্সৰ সাংগানেৰ অঞ্চলত "Door-To-Door" নামেৰে মন্ত্ৰীগৰাকীয়ে আইনখনৰ সপক্ষে সজাগতা সভাৰ আয়োজন কৰে ৷

লগতে পঢ়কঃ কেৰালা বিধানসভাত গৃহীত নাগৰিকত্ব (সংশোধনী) আইন, 2019 বিৰোধী প্ৰস্তাৱনা

সভাত সীতাৰমনে আইনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলি মন্তব্য কৰে ৷ লগতে সভাত মুছলমান সম্প্ৰদায়ক উদ্দেশ্যি "নাগৰিকত্ব সংশোধনী আইন কোনো ব্যক্তিৰ নাগৰিকত্ব কৰ্তনৰ বাবে নহয়, বিৰোধীয়ে আইনখনৰ বিৰুদ্ধে জানি বুজি জনতাৰ মাজত ভূলকৈ উত্থাপন কৰি আহিছে ৷ এই আইনখন এনআৰচিৰ লগত সংমিশ্ৰন কৰি বিৰোধীয়ে জনসাধৰণৰ মাজত ভ্ৰমৰ সৃষ্টি কৰিছে ৷ এই ভ্ৰম শীঘ্ৰে দূৰ কৰিব লাগিব ৷" বুলি মন্তব্য কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ৷

লগতে পঢ়কঃ "কা" ৰ সমৰ্থনত প্ৰচাৰঃ দিল্লীয়ে ১১ ৰাজ্যৰ দায়িত্ব দিলে হিমন্তক

আনহাতে, কাগজি মহল্লাত সজাগতা সভাত অংশগ্ৰহণ কৰি লক্ষ্মী ক'লনিত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ সভাত সীতাৰমনৰ লগত সংগ দিয়ে জয়পুৰৰ সাংসদ ৰামচৰণ ৱোহৰাৰ লগতে কেইবাগৰাকীও গণ্য-মান্য ব্যক্তিয়ে ৷

লগতে পঢ়কঃ শদিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ "ৰণ হুংকাৰ"

ABOUT THE AUTHOR

...view details