অসম

assam

ETV Bharat / bharat

গৌৰী লংকেশ হত্যাকাণ্ডত জড়িত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ - ঝাৰখণ্ড

সাংবাদিক গৌৰী লংকেশৰ হত্যাকাণ্ডত জড়িত আন এগৰাকী অপৰাধী গ্ৰেপ্তাৰ ৷ দীৰ্ঘদিনে পলাতক অৱস্থাত আছিল আটকাধীন অভিযুক্তজন ৷

এজন অভিযুক্ত গ্ৰেপ্তাৰ
গৌৰী লংকেশ হত্যাকাণ্ড

By

Published : Jan 10, 2020, 10:14 AM IST

নিউজ ডেস্ক,10 জানুৱাৰী:সাংবাদিকগৌৰী লংকেশৰ হত্যাকাণ্ডৰ অনুসন্ধানত ন্যস্ত এটা বিশেষ দলে এই হত্যা কাণ্ডৰ লগত জড়িত আন এগৰাকী অভিযুক্তক আজি গ্ৰেপ্তাৰ কৰে ৷

SITৰ মুখ্য অনুসন্ধানকাৰী বিষয়া ডিচিপি এম.এন অনুশেঠে উল্লেখ কৰা অনুসৰি অভিযুক্ত ঋষিকেশ দেভিডকাৰ ওৰফে মুৰুলী (40)ক বৃহস্পতিবাৰে সন্ধিয়া ঝাৰখণ্ডৰ ধানবাদ জিলাৰ কটৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইয়াৰোপৰি তেওঁ কয় যে,অভিযুক্ত গৰাকীক শুকুৰবাৰে ন্যায়িক বিচাৰপতিৰ সন্মুখত নিয়া হ'ব ৷ আটকাধীন লোকজন লংকেশৰ হত্যাকণ্ডত মুখ্য ৰূপত জড়িত আছিল ৷ উল্লেখ্য যে, 2017 চনৰ 5 চেপ্তেম্বৰ তাৰিখে গৌৰী লংকেশক ৰাজেশ্বৰী নগৰস্থিত তেওঁৰ বাসগৃহৰ দুৱাৰ মুখত গুলিয়াই হত্যা কৰা হৈছিল ৷

এই হত্যাকণ্ডৰ তদন্তৰ বাবে গঠিত SIT দলটোৱে 16 জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰু 2 জন পলাতক অৱস্থাত আছিল ৷ পলাতক অৱস্থাত থকা ব্যক্তিসহ মুঠ 18 জন লোকৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰা হৈছিল ৷ তাৰে 17 নং অভিযুক্ত গৰাকীৰ নাম বিকাশ পাটিল ওৰফে দাদা ওৰফে নিহাল আৰু 18 নং অভিযুক্ত গৰাকীৰ নাম ঋষিকেশ দেভিডকাৰ ওৰফে মুৰুলী ওৰফে শিৱা ৷

চাৰ্জশ্বীট অনুসৰি, এই হত্যাকাণ্ড এক সংগঠিত অপৰাধ চিণ্ডিকেটৰ দ্বাৰা আমোল কালে নামৰ লোকগৰাকীৰ নেতৃত্বত কৰা হৈছিল ৷ য'ত শীৰ্ষ সদস্য হিচাপে আছিল অমিত দিগৱেকৰ,বিকাশ পাটিল আৰু দেভিডকাৰ ৷

লগতে পঢ়ক: গড়চুকত আটক চাৰি গাঞ্জা সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details