নেশ্যনেল ডেক্স,7 জানুৱাৰীঃ ভাৰতীয় ৰে’লৱেই ইয়াৰ প্ৰাঙ্গণ আৰু ৰে’ল সমূহত একক ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে ইতিমধ্যে গ্ৰহণ কৰিছে বিভিন্ন ব্যৱস্থা ৷ ইয়াৰ পৰিণতি স্বৰূপেই উত্তৰ প্ৰদেশৰ বাৰাণসী ৰে’ল ষ্টেচনত ব্যৱসায়ীসকলক প্লাষ্টিকৰ পৰিৱৰ্তে পোৰামাটিৰে তৈয়াৰ কৰা ‘কুলহাদ্’,গিলাচ আৰু প্লেট ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে ৷ এই ব্যৱস্থাই হেৰুৱাই যোৱা মৃৎ শিল্পীসকলৰ উপাৰ্জনৰো পথ প্ৰশস্ত কৰিব বুলি ব্যক্ত কৰে কৰ্মকৰ্তা সকলে ৷ আইআৰটিচি পৰিচালিত দোকানসমূহৰ লগতে বেচৰকাৰী দোকানসমূহতো ইতিমধ্যে মাটিৰ কাপত চাহ আৰু কফি পৰিৱেশন আৰম্ভ কৰা হৈছে ৷
বাৰাণসী ৰে’ল ষ্টেচনত নিষিদ্ধ একক ব্যৱহৃত প্লাষ্টিক - ভাৰতীয় ৰে’লৱে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বতে বাৰাণসী কেন্ট’নমেন্ট ৰে’লৱে ষ্টেচনে ইয়াক সম্পূৰ্ণৰূপে প্লাষ্টিক মুক্ত কৰাৰ দিশে ধাৱমান হৈছে ৷ ষ্টেচন চৌহদত কেৱল পানীৰ দৰে কিছুসখ্যক পদাৰ্থহে প্লাষ্টিকৰ উপকৰণত পৰিৱেশন কৰা হয় ৷
![বাৰাণসী ৰে’ল ষ্টেচনত নিষিদ্ধ একক ব্যৱহৃত প্লাষ্টিক Single-use plastic banned in Varanasi railway station](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5620686-thumbnail-3x2-p.jpg)
বাৰানসী ৰে’ল ষ্টেচনত নিষিদ্ধ একক ব্যৱহৃত প্লাষ্টিক
বাৰানসী ৰে’ল ষ্টেচনত নিষিদ্ধ একক ব্যৱহৃত প্লাষ্টিক
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বতে বাৰাণসী কেন্ট’নমেন্ট ৰে’লৱে ষ্টেচনে ইয়াক সম্পূৰ্ণৰূপে প্লাষ্টিক মুক্ত কৰাৰ দিশে ধাৱমান হৈছে ৷ কেৱল পানীৰ দৰে কিছুসখ্যক পদাৰ্থহে প্লাষ্টিকৰ উপকৰণত পৰিৱেশন কৰা হয় ষ্টেচন চৌহদত ৷ অন্যান্য দোকানসমূহত খাদ্য তথা অন্যান্য সামগ্ৰীসমূহ কাগজৰ মোনা অথবা জৈৱিক মোনাসমূহত পৰিৱেশন কৰা হয় ৷ উল্লেখ্য যে, ৰে’ল মন্ত্ৰণালয়ে বিগত বৰ্ষৰ 2 অক্টোবৰৰ পৰা আৰম্ভ হোৱা 50 মাইক্ৰ’নতকৈ কম ডাঠ একক ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰিছিল ৷