অসম

assam

ETV Bharat / bharat

প্ৰসংগ পিএনবিঃ চিংগাপুৰ বেংকত থকা নীৰৱ মোডীৰ সকলো বেংক একাউন্ট বন্ধৰ নিৰ্দেশ - etv bharat

নিৰৱ মোডী আৰু তেওঁৰ পৰিয়ালৰ চিংগাপুৰৰ বেংকত থকা সকলো বেংক একাউন্ট বন্ধ কৰিবলৈ নিৰ্দেশ চিংগাপুৰ উচ্চ ন্যায়ালয়ৰ

প্ৰসংগ পিএনবিঃ চিংগাপুৰ বেংকত থকা নীৰৱ মোডীৰ সকলো বেংক একাউন্ট বন্ধৰ নিৰ্দেশ

By

Published : Jul 2, 2019, 6:18 PM IST

দিল্লী, 2 জুলাইঃ দেশ কঁপাই যোৱা পিএনবি কেলেংকাৰীৰ মূল অভিযুক্ত নিৰৱ মোডী আৰু তেওঁৰ পৰিয়ালৰ চিংগাপুৰৰ বেংকত থকা সকলো বেংক একাউন্ট বন্ধ কৰিবলৈ নিৰ্দেশ চিংগাপুৰ উচ্চ ন্যায়ালয়ৰ ৷ মঙলবাৰে ইডিয়ে এক বিবৃতীযোগে প্ৰকাশ কৰে এই কথা ৷

পুৰৱী মোডী আৰু মায়াঙ্ক মোডীৰ তত্বাবধানত পেভিলিয়ন পইণ্ট কৰ্পৰেচনৰ নামত পঞ্জীয়ন থকা একাউন্টটোৰ সকলো লেনদেন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ন্যায়ালয়ে ৷

পাঞ্জাৱ নেশ্যনেল বেংকৰ 13500 কোটি টকীয়া ঋণ কেলেংকাৰীৰ অভিযুক্ত নীৰৱ মোডীৰ এই বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে চিবিআইৰ লগতে ইডিয়ে কৰি আছে তদন্ত ৷

আনহাতে, পিএনবি কেলেংকাৰীত অভিযুক্ত হীৰা ব্যৱসায়ী মেহুল চৌক্সীৰ পৰা কেইদিনমান পূৰ্বে এণ্টিগুৱাৰ নাগৰিকত্ব উঠাই লোৱাৰ কথা প্ৰকাশ কৰিছিল এণ্টিগুৱাৰ প্ৰধানমন্ত্ৰী গাষ্টন ব্ৰউনে ৷

ABOUT THE AUTHOR

...view details