অসম

assam

তিৰুপতি মন্দিৰৰ পৰা পুনৰ সোণ চুৰি

By

Published : Aug 27, 2019, 11:52 PM IST

দাক্ষিণাত্যৰ প্ৰসিদ্ধ তিৰুমলা মন্দিৰৰ ভগৱান ভেংকটেশ্বৰা মন্দিৰৰ পৰা চোৰে লুটি নিয়ে দুটাকৈ সোণৰ আঙুঠিৰ লগতে ভগৱানৰ পাঁচ কিলোগ্ৰাম ওজনৰ ৰূপৰ মূৰ্তি এটা ৷ উল্লেখ্য যে,চলিত বৰ্ষৰ ফেব্ৰুৱৰী মাহটো উক্ত মন্দিৰৰ পৰা চোৰে লুটি নিছিল তিনিটাকৈ সোণৰ মুুকুট ৷

তিৰুপতি মন্দিৰৰ পৰা পুনৰাই সোণ চুৰি

নিউজ ডেস্ক, 27 আগষ্টঃ দাক্ষিণাত্যৰ প্ৰসিদ্ধ তিৰুমলা তিৰুপতি মন্দিৰৰ পৰা চোৰে লুটি নিয়ে কোটি টকা মূল্যৰ অলংকাৰ ৷ ঘটনা অনুসৰি, মঙলবাৰে মন্দিৰৰ কোষাগাৰৰ পৰা নাইকিয়া হয় দুটাকৈ সোণৰ আঙুঠিৰ লগতে পাঁচ কিলোগ্ৰাম ওজনৰ এটা ৰূপৰ মূৰ্তি ৷

তিৰুপতি মন্দিৰৰ পৰা পুনৰাই সোণ চুৰি

ঘটনাৰ বিষয়ে জানিব পাৰি মন্দিৰ পৰিচালনা কৰ্তৃপক্ষই সহকাৰী কাৰ্যবাহী বিষয়া শ্ৰীনিবাসক ততালিকে বহিষ্কাৰ কৰে ৷ যিহেতু তেওঁৰ সময়ত মন্দিৰৰ গুৰুত্বপূৰ্ণ সামগ্ৰী চুৰি হয় সেয়েহে মন্দিৰ পৰিচালনা সমিতিয়ে শ্ৰীনিবাসৰ দৰমহাৰ পৰা ইয়াৰ মূল্য উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

উল্লেখ্য যে,চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহটো মন্দিৰত চুৰিকাণ্ড সংঘটিত হৈছিল ৷ সেই সময়ত মন্দিৰৰ পৰা তিনিটাকৈ সোণৰ মুকুট চোৰে লুটি নিবলৈ সক্ষম হৈছিল ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে স্থানীয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

ABOUT THE AUTHOR

...view details