তেজপুৰ, 24 জুন : ভাৰত চীনৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ সক্ৰিয় হৈ পৰিছে ছিক্কিম আৰক্ষী ৷ ছিক্কিম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক পাবন গুৰুৱে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷
শেহতীয়াকৈ ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ গালৱান ভেলীত সংঘটিত ঘটনাৰ পিচতে হাই এলাৰ্টত আছে স্থলসেনাকে ধৰি বায়ুসেনা আৰু নৌ-সেনা ৷ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত ইতিমধ্যে মোতায়েন কৰা হৈছে অতিৰিক্ত বাহিনী ৷ সেনাৰ উপৰিও কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ভাৰত-চীন সীমান্তত অতিৰিক্তভাৱে মোতায়েন কৰিছে চিআৰপিএফ আৰু আইটিবিপি বাহিনীৰ অতিৰিক্ত বেটালিয়ন ৷
সীমান্তত সেনাক সহায় কৰিবলৈ সাজু ছিক্কিম আৰক্ষী এনে অৱস্থাত ছিক্কিমৰ ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলটো অতিৰিক্ত সুৰক্ষা ঘেৰা গঢ়ি তোলা হৈছে ৷ ইতিমধ্যে এইসমূহ সীমান্তৰ সুৰক্ষা ঘেৰা কটকটীয়া কৰি তুলিবলৈ ছিক্কিম আৰক্ষীৰ ইণ্ডিয়ান ৰিজাৰ্ভ বেটালিয়নৰ দুটা দল উত্তৰ ছিক্কিমৰ লাচং আৰু পূৱ ছিক্কিমৰ চেৰাথাং অঞ্চলত মোতায়েন কৰা হোৱাৰ লগতে স্থানীয় লোকসকলেও এইক্ষেত্ৰত সেনাক সহায় কৰিছে বুলি জানিবলৈ দিয়ে আৰক্ষী উপ-মহাপৰিদৰ্শকগৰাকীয়ে ৷
লগতে পঢ়কঃএগৰাকী প্ৰকৃত সেনাপ্ৰধান, গালৱানত আঘাতপ্ৰাপ্ত সৈনিকৰ কাষত স্থলসেনা প্ৰধান জেন. নাৰাৱানে