অসম

assam

ETV Bharat / bharat

পাকিস্তানত সন্ধানহীন কাৰ্টাৰপুৰ চাহিবলৈ যোৱা ভাৰতীয় যুৱতী - কাৰ্টাৰপুৰ চাহিব গুৰুদ্বাৰাত সন্ধানহীন শিখ যুৱতী

তিনিদিন পূৰ্বে পাকিস্তানস্থিত কাৰ্টাৰপুৰ চাহিব গুৰুদ্বাৰা দৰ্শন কৰিবলৈ যোৱা এগৰাকী ভাৰতীয় যুৱতী সন্ধানহীন হয় ৷ ঘটনা সন্দৰ্ভত পাকিস্তান আৰক্ষীয়ে ইতিমধ্যে চাৰিজনকৈ লোকক আটক কৰিছে ৷

Indian Girl Missing in Pakistan, Sikh girl missing in Pakistan, Sikh girl missing in Kartarpur Sahib, Kartarpur Sahib in Pakistan, পাকিস্তানত সন্ধানহীন ভাৰতীয় যুৱতী, কাৰ্টাৰপুৰ চাহিব গুৰুদ্বাৰাত সন্ধানহীন শিখ যুৱতী, ভাৰতীয় যুৱতী পাকিস্তানত সন্ধানহীন
পাকিস্তানত সন্ধানহীন ভাৰতীয় যুৱতী

By

Published : Dec 2, 2019, 11:39 PM IST

নেশ্বনেল ডেস্ক, 2 ডিচেম্বৰঃ অক্টোবৰ মাহত ভাৰত-চৰকাৰ আৰু পাকিস্তান চৰকাৰৰ সহমতত মুকলি হোৱা কাৰ্টাৰপুৰ চাহিব কৰিডৰত সন্ধানহীন হৈছে এগৰাকী ভাৰতীয় যুৱতী ৷ পাকিস্তানস্থিত কাৰ্টাৰপুৰ চাহিব গুৰুদ্বাৰা দৰ্শনৰ বাবে যোৱা এগৰাকী শিখ যুৱতী বিগত তিনিদিন ধৰি সন্ধানহীন হৈ আছে ৷ ভাৰত চৰকাৰ আৰু পাকিস্তান চৰকাৰৰ বৈদেশিক বিভাগে ঘটনাটো গুৰুত্বপূৰ্ণ হিচাপে লৈ ইয়াৰ অনুসন্ধান ইতিমধ্যে আৰম্ভ কৰিছে ৷ পাকিস্তানৰ লাহোৰ আৰু ফৈচালাবাদৰ পৰা আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত চাৰিগৰাকীকৈ লোকক আটক কৰিছে ৷ অৱশ্যে এতিয়াও যুৱতীগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈ আছে পাকিস্তান আৰক্ষী ৷

লগতে পঢ়কঃ ভাৰতীয় নৌ-সেনাৰ প্ৰথমগৰাকী মহিলা বৈমানিক ছাব লেফ. শিৱাংগী সিং

ঘটনাৰ বাবে এতিয়াও দুয়োখন দেশৰ বৈদেশিক বিভাগে কোনো চৰকাৰী ঘোষণা প্ৰকাশ কৰা নাই ৷ বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, গুৰুনানকৰ 550 বছৰীয়া জন্মজয়ন্তী উপলক্ষে কাৰ্টাৰপুৰ চাহিব গুৰুদ্বাৰা দৰ্শনৰ বাবে গৈছিল পঞ্জাৱৰ শিখ যুৱতীগৰাকী ৷ কাৰ্টাৰপুৰ চাহিব গুৰুদ্বাৰাত উপস্থিত হোৱাৰ পিচতেই ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে যুৱতীগৰাকী ৷

ABOUT THE AUTHOR

...view details