নেশ্যনেল ডেস্ক, 21 জানুৱাৰী : বৃহস্পতিবাৰে ভূটান আৰু বাংলাদেশলৈ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ কৰ'ণা প্ৰতিষেধক প্ৰেৰণ কৰিলে ভাৰতে ৷ প্ৰথম পৰ্যায়ত ভূটানলৈ 10 লাখ লোকৰ বাবে আৰু বাংলাদেশলৈ 20 লাখৰ বাবে কৰ'ণা প্ৰতিষেধক প্ৰেৰণ কৰিলে ভাৰত চৰকাৰে ৷ মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা বৃহস্পতিবাৰে ৰাতিপুৱা 6: 40 আৰু 8 বজাত বিমান যোগে দুয়োখন দেশলৈ প্ৰদান কৰা হ'ল কৰ'ণা প্ৰতিষেধক ৷
ইয়াৰ লগে লগে নেপালৰ প্ৰায় 30 নিযুত লোকৰ 72 শতাংশৰ লোকক কৰ'ণা প্ৰতিষেধক প্ৰদান কৰাৰ সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আইনী আৰু বিত্তীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ পূৰ্বতেও ভাৰতে নেপালক মহামাৰীৰ সৈতে যুঁজিবলৈ চিকিৎসা সঁজুলি,ঔষধ আৰু অন্যান্য সামগ্ৰীও প্ৰদান কৰিছিল ৷