অসম

assam

ETV Bharat / bharat

প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে বিশেষ ৰে'ল সেৱা

মে' দিৱস তথা শ্ৰমিক দিৱসৰ দিনাৰ পৰা দেশৰ ভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰব্ৰজনকাৰী শ্ৰমিক সকল, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থী আদিৰ বাবে ঘোষণা কৰা হৈছিল বিশেষ ৰে'ল সেৱা । দেশৰ আন আন ৰাজ্যৰ চৰকাৰৰ সৈতে আলোচনা কৰি পোনপটীয়াকৈ নিজ নিজ ৰাজ্যসমূহলৈ এইসকল লোকক ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা ।

By

Published : May 7, 2020, 12:15 AM IST

Updated : May 7, 2020, 9:39 AM IST

ৰে'ল সেৱা
প্ৰৱাসী শ্ৰমিকৰ বাবে বিশেষ ৰে'ল সেৱা

নিউজ ডেস্ক, ৬ মে': মে' দিৱস তথা শ্ৰমিক দিৱসৰ দিনাই লকডাউনৰ বাবে দেশৰ ভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰব্ৰজনকাৰী শ্ৰমিক সকল, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থী আদিৰ বাবে ঘোষণা কৰা হৈছিল বিশেষ ৰে'ল সেৱা । গৃহ মন্ত্ৰণালয়ৰ আদেশ অনুসৰি ঘোষণা হৈছিল এই সেৱা ।

দেশৰ আন আন ৰাজ্যৰ চৰকাৰৰ সৈতে আলোচনা কৰি পোনপটীয়াকৈ নিজ নিজ ৰাজ্যসমূহলৈ এইসকল লোকক ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ।

প্ৰৱাসী শ্ৰমিকৰ বাবে বিশেষ ৰে'ল সেৱা

ইতিমধ্যে কেৰালাৰ কোজিকোডে ৰেল ষ্টেচনৰ পৰা প্ৰায় ১,০৯০ প্ৰব্ৰজনকাৰী শ্ৰমিক বিশেষ ৰেলযোগে (০৬০৮৮)মংগলবাৰে ৮.৫৫ বজাত বিহাৰৰ কাটিহাৰ ষ্টেচনত উপস্থিত হয় । বিহাৰত উপস্থিত হোৱাৰ পাচতে সকলো শ্ৰমিকক কৰ'ণা ভাইৰাছ সংক্ৰমন ৰোধৰ বাবে ল'বলগীয়া যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসনে । ইয়াৰ পাচতে ষ্টেচনৰ পৰা শ্ৰমিকসকলক বাছেৰে নিজ নিজ গৃহ জিলালৈ পঠিওৱাৰ বাৱস্থা কৰা হয় ৷

তদুপৰি, বিহাৰৰ পৰা আন এখন বিশেষ ৰেল (০৯৮২৭)যোগে বিহাৰ আৰু ৰাজস্থানৰ পৰা ১২৪৮ জন ছাত্ৰ-ছাত্ৰী অনাৰ ব্যৱস্থা কৰে ।

Last Updated : May 7, 2020, 9:39 AM IST

ABOUT THE AUTHOR

...view details