অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশত বিশেষ শ্ৰমিক যাত্ৰীৰ পানীৰ বটল লুট, ভিডিঅ' ভাইৰেল

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ জংছনত পানীৰ বটল লুট ৷ ভাইৰেল হ'ল ভিডিঅ' ৷

ভিডিঅ' ভাইৰেল
উত্তৰ প্ৰদেশত বিশেষ শ্ৰমিক যাত্ৰীৰ পানীৰ বটল লুট

By

Published : May 27, 2020, 1:11 PM IST

নেশ্যনেল ডেস্ক, 27 মে': উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ জংছনত বিশেষ শ্ৰমিক ট্ৰেইনৰ যাত্ৰীয়ে চলালে লুটপাত ৷ চ'ছিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ পালে সমগ্ৰ ঘটনাৰ ভিডিঅ' ৷ ঘটনাৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই ৷

উত্তৰ প্ৰদেশত বিশেষ শ্ৰমিক যাত্ৰীৰ পানীৰ বটল লুট

মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া অজিত কুমাৰ সিঙে কয়, "প্ৰয়াগৰাজ জংছনত এখন বিশেষ শ্ৰমিক টেইন ৰখাৰ পাচতে প্ৰব্ৰজিত শ্ৰমিকসকলে ট্ৰেইনৰ পৰা নামে আৰু পানীৰ বটল সমূহ লুটি নিয়ে ৷ ভিডিঅ'টোত এই লোকসকলৰ ওপৰত লাঠি চালনা কৰাও দেখিবলৈ পোৱা গৈছে ৷ তদন্ত জাৰি থকাৰ লগতে ইয়াৰ বাবে জগৰীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷"

এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ৰাজ্য চৰকাৰে এই শ্ৰমিকসকলৰ বাবে ট্ৰেইনত খাদ্যৰ ব্যৱস্থা কৰিছিল ৷ অজিত কুমাৰে কয়, "দেশত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই ঘটনা সঁচাকৈয়ে চিন্তনীয় ৷ বিষয়টোৰ পৰ্যালোচনা কৰা হৈছে আৰু দায়িত্বৰ প্ৰতি অৱহেলা কৰা প্ৰশাসনৰ লোকক অতি সোনকালেই বিচাৰি উলিওৱা হ'ব ৷"

ABOUT THE AUTHOR

...view details