অসম

assam

মোডীজি ওলাই আহক, এতিয়া চীনৰ সৈতে মুখামুখি হোৱাৰ সময় আহি পৰিছেঃ প্ৰিয়ংকা গান্ধী

By

Published : Jun 17, 2020, 4:36 PM IST

"ভাৰতবাসীক এনেকুৱা নেতৃত্বৰ প্ৰয়োজন আছে,যিয়ে নিজৰ ভূমি অন্য ৰাষ্ট্ৰই দখল কৰাৰ পূৰ্বে যিকোনো পৰিস্থিতিৰ সৈতে যুঁজিবলৈ প্ৰস্তুত হৈ থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আপুনি ওলাই আহক,চীনৰ সৈতে মুখামুখী কৰাৰ সময় আহি পৰিছে।" - প্ৰিয়ংকা গান্ধী বাদ্ৰা।

প্ৰিয়ংকা গান্ধী
Show up Modiji, it's time to stand up to China: Priyanka

নিউজ ডেস্ক, ১৭ জুনঃ পূৰ্ব লাডাখত চীনা সৈন্য়ৰ আক্ৰমণত ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱা ঘটনাক লৈ মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী বাদ্ৰা। সোমবাৰে নিশা পূৰ্ব লাডাখৰ গালৱান উপত্যকাত ভাৰতীয় আৰু চীনৰ সেনা মাজত হোৱা সংঘৰ্ষত শ্বহীদ হৈছিল ২০ গৰাকীকৈ ভাৰতীয় সেনা ।

এই ঘটনাত মোডী নেতৃত্ত্বাধীন বিজেপি চৰকাৰ নিৰৱ কিয় বুলি প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। নিজৰ ভূমি অন্য ৰাষ্ট্ৰই দখল কৰাৰ পূৰ্বে যিকোনো পৰিস্থিতিৰ সৈতে যুঁজিবলৈ প্ৰস্তুত হৈ থকা এজন নেতা সম্প্ৰতি ভাৰতবাসীয়ে বিচাৰে বুলি প্ৰিয়ংকা গান্ধী বাদ্ৰাই উল্লেখ কৰে।

"বৰ্তমান আমাৰ মাতৃভূমি,আমাৰ সাৰ্বভৌমত্ব ভাবুকিৰ সম্মুখীন হৈছে। এনে পৰিস্থিতিতো আমি মনে মনে থাকিম নেকি? ভাৰতবৰ্ষৰ জনগণৰ সত্য জনাৰ অধিকাৰ আছে। ভাৰতবাসীক এনেকুৱা নেতৃত্বৰ প্ৰয়োজন আছে, যিয়ে নিজৰ ভূমি অন্য ৰাষ্ট্ৰই দখল কৰাৰ পূৰ্বে যিকোনো পৰিস্থিতিৰ সৈতে যুঁজিবলৈ প্ৰস্তুত হৈ থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আপুনি ওলাই আহক,চীনৰ সৈতে মুখামুখী কৰাৰ সময় আহি পৰিছে।" প্ৰধানমন্ত্ৰীক সমালোছনা কৰি টুইটাৰযোগে এই মন্তব্য কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই।

প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, পাঞ্জাৱৰ লোকসভাৰ সাংসদ মণিশ তিৱাৰীয়ো এই ঘটনাক লৈ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি দলটোক সমালোচনা কৰে। "দেশৰ প্ৰধানমন্ত্ৰী এতিয়া মৌন কিয় ? তেওঁ কিয় লুকাই আছে ? বহুত হ'ল । এনেকুৱা কিয় হ'ল আমি এইটো জনাতো অতি জৰুৰী। কিয় চীনা সৈন্য় আমাৰ সৈন্যক হত্যা কৰিলে ? তেওঁলোকে কিয় আমাৰ ভূমিত আগ্ৰাসন চলাই আছে?" বুলি টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

লগতে চাওকঃ এটা বিড়ি প্ৰতিষ্ঠানৰ বিৰুদ্ধে বঙাইগাঁৱত এজাহাৰ

ABOUT THE AUTHOR

...view details