প্ৰায় এটা পষেক পাছত ১ ফেব্ৰুৱাৰীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ দ্বিতীয়খন কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। এয়া এক গুৰুত্বপূৰ্ণ বাজেট হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নিজেই এই বাজেট প্ৰস্তুতকৰণৰ সৈতে জড়িত হৈ আছে । তেওঁ নতুন দিল্লীত অৰ্থনীতিবিদ আৰু উদ্যোগসমূহৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছে । ভাৰতে সন্মুখীন হোৱা তীব্ৰ আৰ্থিক মন্দাৱস্থাৰ পৰিপ্ৰেক্ষিতত এই বাজেটখন তাৎপৰ্যপূৰ্ণ । ২০১৯ চনৰ জুলাই-ছেপ্টেম্বৰ অংশত দেশৰজি ডি পি ৬.১ শতাংশ পৰ্যন্ত অৱনমিত হয় । ২০১১-১২ চনৰ পৰা আৰম্ভ হোৱা মন্থৰতাই এইবাৰ চূড়ান্ত পৰ্যায় লাভ কৰে । চৰকাৰে এই মাহত প্ৰকাশ কৰা তথ্য অনুসৰি এই বৰ্ষত অৰ্থাৎ ২০১৯-২০ বৰ্ষত বিকাশৰ হাৰ ৭.৫ শতাংশ হ’ব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে । এয়া দশকটোৰ ভিতৰত সৰ্বনিম্ন । ৰিজাৰ্ভ বেংকৰ মনিটাৰী পলিচী কমিটীৰ মতে বাজেটে দুৰ্বল আৰ্থিক গতিক ৰাজহৰ শক্তি প্ৰদান কৰিবলৈ সক্ষম হ’ব। কিন্তু চৰকাৰে জনপ্ৰিয় দাবীসমূহ পূৰণ কৰিবৰ বাবেই খৰচ কৰাৰ প্ৰৱণতা ত্যাগ কৰিব লাগে । ইয়াৰ বাবে কেইবাটাও কাৰণ আছে । প্ৰথম আৰু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে চৰকাৰৰ হাতত ব্যয় বৃদ্ধি কৰিবৰ বাবে অধিক ধন নাই । জিডিপিৰ বিকাশ যেতিয়া হ্ৰাস পায় তেতিয়া কৰ সংগ্ৰহৰ পৰিমাণো হ্ৰাস পায়। চৰকাৰৰ বছৰেকীয়া লক্ষ্যৰ পৰা ২ লাখ কোটি টকা ৰাজহ আৰু কৰ হ্ৰাস পোৱাৰ আশংকা কৰা হৈছে । কেগে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৯-২০ বিত্তীয় বৰ্ষৰ প্ৰথম সাত মাহত কৰ সংগ্ৰহৰ হাৰ ২০০৯-১০ ৰ পাছত সৰ্বনিম্ন । চৰকাৰে ইতিমধ্যে কৰ্প’ৰেট কৰ সংস্কাৰৰ নামত বহু ৰাজহ ত্যাগ কৰিছে । ইপিনে ধনৰ আন উৎসসমূহ ৰাজহ বা কৰযোগ্য নহয় । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা চৰকাৰে লাভ কৰা পুঁজি ইতিমধ্যে হিচাপ কৰা হৈছে । তদুপৰি বি চি পি এলআৰু এয়াৰ ইণ্ডিয়াৰ অংশৰ বিক্ৰীও এই বৰ্ষত হোৱাৰ সম্ভাৱনা নাই । গতিকে অনা কৰ ৰাজহে এই ঘাটি পূৰণ কৰিব পাৰিব বুলি আশা কৰিব নোৱাৰি । শেহতীয়া চৰকাৰী তথ্যমতে ২০১৯-২০ বৰ্ষত ২০১৯ চনৰ ১১ নৱেম্বৰলৈকে নিৰ্বিনিয়োগৰ বাবে নিৰ্ধাৰিত ১০৫০০০ কোটি টকাৰ লক্ষ্যৰ ১৬.৫৩ শতাংশহে পূৰণ কৰা হৈছে ।
দ্বিতীয়তে ৰাজহুৱা আন্তঃগাঁথনিত বৰ্দ্ধিত ব্যয়ে সহায় নকৰিব । আন্তঃগাঁথনি প্ৰকল্পবোৰ দীৰ্ঘকালীন । কিন্তু এই সময়ত তাৎক্ষণিক বিকাশৰহে প্ৰয়োজন আহি পৰিছে । এয়া সময়ৰ আহ্বান ।তৃতীয়তে কৰ ৰেহাই আৰু বৰ্দ্ধিত ব্যয়ে সহায় কৰিব পাৰে। কিন্তু সমস্যাটো হ’ল যে ব্যক্তিগত আয়কৰ হ্ৰাসে জনসংখ্যাৰ সামান্য অংশকহে সহায় কৰিব। কিয়নো ভাৰতবৰ্ষৰ জনসাধাৰণৰ মাথো পাঁচ শতাংশ মান লোকেহে আয়কৰ প্ৰদান কৰে। ২০১৯ চনৰ ফেব্ৰুৱাৰীৰ আভ্যন্তৰীণ বাজেটত এই পথ অৱলম্বন কৰাৰ বাবে চেষ্টা কৰা হৈছিল। তেতিয়াৰ বিত্ত মন্ত্ৰী পীয়ূষ গোৱেলে উত্থাপন কৰা সেই বাজেটখনে পাঁচ লাখ পৰ্যন্ত উপাৰ্জন থকা লোকসকলক আয়কৰ ৰেহাই দিছিল। ইয়াৰ ফলত আয়কৰ দাতাসকলৰ পকেটতৰ প্ৰতি মাহে প্ৰায় এহাজাৰ টকা ৰাহি হয়। তদুপৰি এটা ঘৰৰ সম্পত্তিত বিক্ৰীৰ কেপিটেল ৰেহাই দুটালৈকে বৃদ্ধি কৰা হয়। দৰমহা পোৱাসকলৰ বাবে ষ্টেণ্ডাৰ্ড কৰ্তন ৪০ হাজাৰৰ পৰা ৫০ হাজাৰলৈ বৃদ্ধি আৰু বেংক একাউণ্টত জমা হোৱা ধনৰ সুতৰ কৰৰ ক্ষেত্ৰত ১০ হাজৰৰ পৰা ৫০ হাজাৰলৈ বৃদ্ধি কৰা হয় ।কিন্তু ইমানৰ পাছতো আৰ্থিক সংকটৰ পৰা মুক্ত নহ’ল ২০১৯ বৰ্ষটো । তদুপৰি চৰকাৰৰ ঋণ লাভৰ ক্ষমতাও ইতিমধ্যে সীমিত হৈ পৰিছে । যেতিয়া চৰকাৰে ঋণ লয় তেতিয়া অৰ্থনীতিৰ জমাকাৰীসকলৰ পৰা বহু পৰিমাণে ঋণ লয় । বেংকসমূহে জমাকাৰীসকলৰ ধন ব্যৱহাৰ কৰি চৰকাৰৰ ঋণ ক্ৰয় কৰে । গতিকে দেশৰ মুঠ জমাতকৈ মুঠ ঋণৰ পৰিমাণ বাঢ়িব নোৱাৰে ।