অসম

assam

জন্মু-কাশ্মীৰ 'ফেক এনকাউন্টাৰ' : সেনা কেপ্তেইন সহিতে তিনিজনৰ বিৰুদ্ধে দাখিল অভিযোগনামা

By

Published : Dec 27, 2020, 11:52 AM IST

সেনা কেপ্তেইনৰ বিৰুদ্ধে অভিযোগনামা দাখিল জন্মু-কাশ্মীৰ আৰক্ষীৰ । চলিত বৰ্ষৰ ১৮ জুলাইত স্থানীয় তিনি শ্ৰমিকক বিদেশী সন্ত্ৰাসবাদী সজাই চলাইছিল 'ফেক এনকাউন্টাৰ' । ঘটনাৰ অধিক তথ্যৰ বাবে অনুসন্ধান চলাবলৈ বিশেষ অনুসন্ধানকাৰী দল চমুকৈ SIT ৰ গঠন ।

জন্মু-কাশ্মীৰ আৰক্ষী
জন্মু-কাশ্মীৰ আৰক্ষী

নেশ্যনেল ডেস্ক, ২৭ ডিচেম্বৰ: জন্মু-কাশ্মীৰ আৰক্ষীৰ সেনা কেপ্তেইনৰ বিৰুদ্ধে দাখিল অভিযোগনামা । এই অভিযোগনামা চৌপিয়ান জিলাৰ মুখ্য সত্ৰ ন্যায়াধীশৰ আদালতত দাখিল কৰে জন্মু-কাশ্মীৰ আৰক্ষীয়ে ।

শনিবাৰে চৌপিয়ান জিলাৰ অবৈধ সংঘৰ্ষ সন্দৰ্ভত দাখিল এই অভিযোগনামা । অভিযোগনামাত উল্লেখিত অনুসৰি যোৱা ১৮ জুলাইত ৰাজ্যখনৰ চৌপিয়ান জিলাৰ আমচিপোৰাত হোৱা ফেক এনকাউন্টাৰত তিনিগৰাকী স্থানীয় লোক নিহত হয় । ইয়াকে কেন্দ্ৰ কৰি জন্মু-কাশ্মীৰ আৰক্ষীয়ে সেনা কেপ্তেইন সহিতে তিনি সেনা জোৱানৰ বিৰুদ্ধে দাখিল কৰে অভিযোগনামা ।

ঘটনা সন্দৰ্ভত আৰক্ষী উপ অধীক্ষক ৱাজাহত হুছেইনে জনাই যে এই ঘটনাৰে জড়িত তিনি সেনা জোৱান ক্ৰমে ৬২ ৰাইফলছৰ কেপ্তেইন ভূপিন্দৰ, পুলৱামা নিবাসী বিলাল আহমেদ আৰু আৰু চৌপিয়ানৰ নিবাসী তাবিশ আহমেদ । সম্প্ৰতি হুছেইনৰ নেতৃত্বত ঘটনাৰ অধিক তথ্যৰ বাবে অনুসন্ধান চলাবলৈ বিশেষ অনুসন্ধানকাৰী দল চমুকৈ SIT ৰ গঠন কৰা হয় ।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ১৮ জুলাইত জন্মু-কাশ্মীৰৰ চৌপিয়ান জিলাৰ আমচিপোৰাত সেনাৰ এনকাউন্টাৰত তিনিজন স্থানীয় শ্ৰমিক নিহত হৈছিল । নিহত তিনি শ্ৰমিকক সেনাৰ দলটোৱে বিদেশী সন্ত্ৰাসবাদী সজাই এই এনকাউন্টাৰ চলাইছিল । পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে সেনাৰ এই দাবীক নস্যাৎ কৰি কয় যে নিহত তিনি শ্ৰমিক ৰাজৌৰী জিলাৰ । ঘটনা সম্পৰ্কে বৰ্তমান তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক: দেওবাৰে দিনৰ 11 বজাত প্ৰচাৰ হ’ব প্ৰধানমন্ত্ৰী মোডীৰ 'মান কী বাত'

ABOUT THE AUTHOR

...view details