অসম

assam

দোকানী নোহোৱা দোকান

By

Published : Jul 3, 2020, 10:36 PM IST

বিশ্বৰ সকলো ঠাইতে অধিকাংশ লোকেই নিশ্চিতভাৱে সৎ । কিন্তু সততাই বিভিন্ন সময়ত মানুহৰ মনোযোগ আকৰ্ষণ কৰি আছে । উদাহৰণস্বৰূপে আইজলৰ পৰা প্ৰায় ৬৫ কিল’মিটাৰ নিলগৰ চেলিঙৰ ৰাজপথত স্থানীয় লোকসকলে বাণিজ্যৰ এক নতুন ধাৰণাৰ সৃষ্টি কৰিছে ।

shop-without-shopkeepers
দোকানী নোহোৱা দোকান

বিশ্বৰ সকলো ঠাইতে অধিকাংশ লোকেই নিশ্চিতভাৱে সৎ । কিন্তু সততাই বিভিন্ন সময়ত মানুহৰ মনোযোগ আকৰ্ষণ কৰি আছে । উদাহৰণস্বৰূপে আইজলৰ পৰা প্ৰায় ৬৫ কিল’মিটাৰ নিলগৰ চেলিঙৰ ৰাজপথত স্থানীয় লোকসকলে বাণিজ্যৰ এক নতুন ধাৰণাৰ সৃষ্টি কৰিছে । গাহ লউ ডাওৰ সংস্কৃতি নামেৰে পৰিচিত এই ব্যৱস্থা সততাৰ ওপৰত নিৰ্ভৰ কৰি চলে । সৰু সৰু বাঁহৰ পঁজাৰ দোকানবোৰত কোনো দোকানী নাথাকে । শাক-পাচলি, ফল-মূল, ফুল, ফলৰ ৰসৰ বটল, সৰু শুকান মাছ, বিশুদ্ধ পানীত শামুক আদিৰ দাম চক পেঞ্চিল আদিৰে চাইনব’ৰ্ডত লিখা থাকে । তাৰ পৰাই গ্ৰাহকে সহজে তাৰ পৰা বস্তুবোৰ লয় আৰু কাষতে থোৱা টেমাত বস্তুবিধৰ মূল্য জমা কৰে । বাকচটোৰ পৰা প্ৰয়োজন হ’লে গ্ৰাহকে খুচুৰাও আদান-প্ৰদান কৰিব পাৰে । বিশ্বাসৰ এই নীতি অতি সাধাৰণভাৱে চলে । দোকানৰ গৰাকীসকলে ঝুম খেতি বা বাগানৰ কামত যায় । তেওঁলোকে দোকানত ঘৰৰ আন সদস্যকো দোকানী হিচাপে ব্যস্ত ৰাখিব নোৱাৰে । মাই হোম ইণ্ডিয়া আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জৰামথাংগাৰ টুইটৰ পাছত ৰাজ্যখনৰ এই সংস্কৃতিয়ে সংবাদ শিৰোনাম দখল কৰে । মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটত মন্তব্য কৰি কয় যে এনেধৰণৰ প্ৰথাৰ ফলত নিৰাপদ সামজিক দূৰত্ব ৰক্ষা কৰাত সহায়ক হৈছে ।

দোকানী নোহোৱা দোকান

দোকানী নথকা দোকানৰ উদাহৰণ আন কিছু কিছু স্থানতো আছে । নাগালেণ্ডৰ লেছেমী গাঁৱৰ কিছুসংখ্যক গাঁওবাসী আৰু কৃষকে এনেধৰণৰ প্ৰথা চলাই আহিছে । বেংগালুৰুৰ ট্ৰাষ্ট শ্বপ নামৰ ব্যৱসায়িক চেইনটোৱে ২৪ ঘণ্টাই দক্ষিণ ভাৰতীয় খাদ্য যেনে ইডলী, দোচাৰ বেটাৰৰ পেকেট, আটাৰ ৰুটী, মালাবাৰ পৰঠা আদি যোগান ধৰে । তামিলনাডুৰ পাপানাছাম বাছ আস্থানত গান্ধী জয়ন্তীৰ দিনা বিগত বিশ বছৰে এখন গৰাকীবিহীন দোকান খোলা ৰখা হয় । পাপানাছাম ৰটাৰী ক্লাবে বাছ আস্থানটোক এখন অস্থায়ী দোকানলৈ ৰূপান্তৰিত কৰি তাত ঘৰুৱা সামগ্ৰী, লিখন সামগ্ৰী, খাদ্যব্সতু আদি এখন টেবুলত দামৰ উল্লেখেৰে সজাই থয় । কাষতে পইচা জমা দিবলৈ আৰু খুচুৰা ল’বলৈ এটা বাকচ থোৱা হয় । বিশেষভাৱে সক্ষমসকলৰ কল্যাণৰ বাবে নিয়োজিত জনশক্তি চেৰিটেবল ট্ৰাষ্ট নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে কেৰেলাৰ আজিকোডে নামৰ উপকূলীয় গাঁওখনত গ্ৰাহক নিৰ্ভৰশীল এখন দোকান স্থাপন কৰিছে । অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে দোকানখনত চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে । চণ্ডীগড়ৰ ধানাচত থকা গৱৰ্ণমেণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নোটবুক, কলম, পেঞ্চিল আদি বিক্ৰী কৰা দোকানখনতো কোনো দোকানী বা চিচিচিভি কেমেৰা নাই, মাত্ৰ এখন ছাইনব’ৰ্ডত এশাৰী বাক্য লিখা আছে— “নিজৰ সেৱা নিজে লওক আৰু সততাৰে খৰচ কৰক ।”

জাপানৰো উপকূলীয় গাঁওসমূহত দোকানী নোহোৱা এনেধৰণৰ বহু সৰু সৰু দোকান আছে । টকিঅ’ৰ দক্ষিণে কানাগাৱা পাৰফেকচাৰত য়ামাডা পৰিয়ালে পৰিচালনা কৰা দোকানখনত আনকি কেলকুলেটৰো ৰখা হয় যাতে ধনৰ কাঠৰ বাকচটোত কিমান জমা থ’ব সেয়া গ্ৰাহকে হিচাপ কৰিব পাৰে । চুইজাৰলেণ্ডৰ গিমেলৱাল্ডৰ এনেধৰণৰ এখন দোকানেই হোটেল ব্যৱসায়ী ডেভিড ৱাটাৰহাউছক এই ধাৰণা ইংলেণ্ডতো প্ৰৱৰ্তন কৰাত অনুপ্ৰাণিত কৰে । সততাৰ দোকানৰ আৰ্হিত, ট্ৰাষ্টী নামেৰে দুমহলীয়া এখন বাছত টাৱাৰ অৱ্ লণ্ডনৰ সমীপত তেওঁ এই দোকান দিয়ে । অধিকাংশ সামগ্ৰীয়েই ২০ ডলাৰৰ তলৰ । সদায় পুৱা-গধূলি সামগ্ৰীসমূহ মজুত ৰখা হয় আৰু কাহানিও বস্তু-বাহানি হেৰোৱা নাই ।

অনলাইন শ্বপিং ক্ষেত্ৰখনত গ্ৰাহকৰ ওপৰত বিশ্বাস এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিয়ে। ইয়াৰ বিপৰীতে দোকানী নোহোৱা দোকানবোৰে প্ৰমাণ কৰিছ যে সততা এতিয়াও আছে । এয়া সঁচাকৈয়ে অনুকৰণীয় । এই অতিমাৰীৰ সময়ত এইধৰণৰ ধাৰণাও সহায়ক হ’ব পাৰে । দোকানীবিহীন দোকানৰ এই ধাৰণাত লোকচান হ’লেও বেছি হোৱাৰ সম্ভাৱনা নাথাকে । তদুপৰি মিজো ঝুম খেতিয়ক বা মোৰ কাষৰ দোকানীজনৰ দৰে উপাৰ্জনৰ আন পথো এনেধৰণৰ দোকানৰ গৰাকীসকলৰ থাকে । এনে ক্ষেত্ৰত বংকুলাথুৱায়ালৰ দোকানৰ দৰে চিচিটিভি কেমেৰা সংস্থাপন কৰি দোকানবোৰ চলাব পাৰি ।

দোকানী নোহোৱা দোকান

এনেদৰে সকলোধৰণৰ দোকান যে চলাব পাৰি সেয়া নহয় । যেনে ঔষধৰ দোকানত নিজে নিজে ঔষধ বিচাৰিব লাগিলে গ্ৰাহকজন অভিজ্ঞ হ’ব লাগিব । কিছুমান সামগ্ৰী বিক্ৰীৰ বাবে বিক্ৰেতাৰ প্ৰয়োজন আছে । আনকি চিধাচিধিকৈ শাক-পাচলি আৰু গেলামালৰ সামগ্ৰী বিক্ৰী কৰিব পৰা অৱস্থাত, দোকানী নথকা দোকানৰ ধাৰণাই বহু বিক্ৰেতাৰ জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে । তেওঁলোকৰ বাবে বিকল্প সংস্থাপন লাভ কৰাটো সহজ কথা নহয় । যদিও বিশ্বাস শব্দটো আকৰ্ষণীয়, বৃহত্তৰ পৰ্যায়ত বজাৰ সংস্কৃতিত ই বৰ বেছি গ্ৰহণযোগ্য নহ’ব পাৰে । চিৰাচৰিত বিশ্বাস বা চিচিটিভিৰ দ্বাৰা সৃষ্ট কৃত্ৰিম বিশ্বাসৰ ফলাফল সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত ব্যাপক হাৰত দৃষ্টিগোচৰ হ’ব পাৰে ।

লেখকঃ অতনু বিশ্বাস,অধ্যাপক, ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান, কলকাতা

ABOUT THE AUTHOR

...view details