অসম

assam

ETV Bharat / bharat

ডাষ্টবিনৰ জাবৰৰ মাজত তেওঁলোকে বিচাৰিছে জীয়াই থকাৰ সমল

এটা বস্তিত আমি বাস কৰোঁ আৰু স্বাভাৱিকতে আমি জীৱনৰ সৰ্বস্ব হেৰুৱাই পেলাইছোঁ ৷ এতিয়া আমাৰ হেৰুৱাবলৈ একোৱেই নাই ৷ আমি যিহেতু নিয়মীয়াকৈ খাদ্য খাবলৈ পোৱা নাই, গতিকে ডাষ্টবিনৰ বৰ্জিত খাদ্য গ্ৰহণ কৰাই শ্ৰেয় ৷ যেতিয়া পেটৰ ক্ষুধাৰ কথা আহি পৰে তেতিয়া স্বাস্থ্য আৰু পৰিস্কাৰ-পৰিচন্নতাৰ কথা ভাবিবলৈ নাথাকে - লক্ ডাউনে বিপৰ্যস্ত কৰা কেইটামান পৰিয়ালৰ মৰ্মান্তিক স্বীকাৰোক্তি ৷

Poor people from Delhi eats rotten food
Poor people from Delhi eats rotten food

By

Published : Jun 8, 2020, 3:37 AM IST

নিউজ ডেস্ক, 7 জুন : কৰ'ণা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ বাবে সমগ্ৰ বিশ্বৰ প্ৰায় সংখ্যক দেশে লক্ ডাউন ঘোষণা কৰিবলৈ বাধ্য হৈছিল ৷ আমাৰ দেশ ভাৰতবৰ্ষও ইয়াৰ ব্যতিক্ৰম নহয় ৷ পাঁচটা পৰ্যায় ভাৰতত লক্ ডাউন ঘোষণা কৰা হৈছিল যোৱা 25 মাৰ্চৰ পৰা ৷ ইয়াৰে প্ৰথম তিনিটা লক্ ডাউনত সৰ্বাত্মক ৰূপ পৰিলক্ষিত হৈছিল ৷ হঠাৎ বন্ধ হৈ পৰিছিল কাৰ্যালয়, বিদ্যালয়, দোকান বজাৰ আদি সকলোবোৰ অনুষ্ঠান-প্ৰতিষ্ঠান ৷ বন্ধ হৈছিল সামাজিক অনুষ্ঠান যেনে বিভিন্ন উৎসৱ, বিয়া, সবাহ আদি ৷ আনকি মানুহৰ মৃত্যু হ'লেও প্ৰশাসনৰ নিৰ্দেশ অনুসৰি নিচেই তাকৰ মানুহ উপস্থিত হ'ব পাৰিছিল যাৱতীয় কামৰ বাবে ৷

তেওঁলোকৰ পেটত জ্বলিছে ক্ষুধা অগনি

মুঠতে এক কথাত ক'বলৈ গ'লে চলি থকা বৈদ্যুতিক পাংখা এখন বন্ধ কৰি দিলে যি দৰে ধীৰে ধীৰে গতি কমি যায়, ঠিক তেনে অৱস্থাই হৈছে লক্ ডাউনৰ সময় চোৱাত ৷ অৱশ্যে চতুৰ্থ আৰু পঞ্চম পৰ্যায়ৰ লক্ ডাউনৰ যঠেষ্ট সংখ্যক নীতি-নিয়ম শিথিল কৰি পুনৰ এটা স্বাভাৱিক অৱস্থালৈ লৈ অহা হৈছে দেশক ৷ অৱশ্যে এতিয়াও সম্পূৰ্ণ স্বাভাৱিক অৱস্থা আহি পৰিছে বুলি ক'ব পৰা নাযায় ৷

এই লক্ ডাউনৰ ফলত সৰ্বাধিক ক্ষতি কাৰ হৈছিল বুলি যদি সোধা যায় তেতিয়া হয়তো সমাজৰ প্ৰতিটো শ্ৰেণীয়েই নিজ নিজ লাভ-লোকচানৰ তালিকাখনৰ ওপৰত গুৰুত্ব দি সৰ্বাধিক ক্ষতিগ্ৰস্ত বুলি জহিৰ কৰিব খুজিব ৷ কিন্তু বিহংগম দৃষ্টিৰে যদি চোৱা যায় তেন্তে দেখা যায় যে, এই লক্ ডাউনে সৰ্বাধিক ক্ষতি কৰিলে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকসকল ৷ যিসকল লোকে নিতৌ উপাৰ্জন কৰি নিতৌ খায় সেইসকল লোকৰ বাবে লক্ ডাউনৰ সময়চোৱাত জীৱন যাপন এক প্ৰকাৰ প্ৰত্যাহ্বান হৈ পৰিছে ৷

এটুকুৰা ৰুটী আৰু এডোখৰ বস্ত্ৰ বিচাৰি হাহাকাৰ

লক্ ডাউনৰ সমচোৱাত শ্ৰমিক শ্ৰেণীৰ লোক সকলে কাম হেৰুৱাব লগীয়া হৈছে ৷ সমাজৰ উচ্চ শ্ৰেণীৰো বহু সংখ্যকে চাকৰি হেৰুৱাইছে যদিও শ্ৰমিকসকলৰ বাবে কাম হেৰুওৱা মানে মূৰত সৰগ ভাগি পৰাৰ দৰে কথা ৷ কৰ্মহীন, উপাৰ্জনহীন হৈ পৰা এইসকল লোকৰ বাবে পেটৰ ভাতমুঠি যোগাৰ কৰাতো কঠিন হৈ পৰিল ৷ কিয়নো এনে ধৰণৰ লোকসকলৰ হাতত সততে জমা ধন ৰাশি দেখা নাযায় ৷ নিতৌ যি উপাৰ্জন হয়, সেইয়া পৰিয়ালৰ দৈনিক ভৰণ-পোষণৰ নামতে ব্যয় কৰিব লগীয়া হয় ৷ যাৰ বাবে তেওঁলোকৰ মাজত প্ৰচূৰ অৰ্থ আৰু খাদ্য সমস্যাৰ উদ্ভৱ হ'বলৈ ধৰিলে লক্ ডাউনৰ সময়চোৱাত ৷ দেশৰ অৰ্থনীতি এনে পৰ্যায়ত উপনীত হৈছেগৈ যে, প্ৰয়োজনীয় কৰ্মচাৰীৰ বাহিৰে অতিৰিক্তভাৱে কৰ্মচাৰী ৰাখিবলৈ অপাৰগ হৈ পৰিছে কোম্পানী সমূহ ৷ যাৰ ফলত ভয়ংকৰ এক নিবনুৱা সমস্যাই গা কৰি উঠিছে ৷

ডাষ্টবিনৰ পৰা বুটলিছে ভোক

দেশৰ প্ৰতিখন ৰাজ্যত এনে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি ক'লে হয়তো একেবাৰে ভুল কোৱা নহ'ব ৷ এই প্ৰতিবেদনত আমি দেখুৱাইছো দেশৰ ৰাজধানী দিল্লীৰ এখন ছবি ৷ দিল্লীৰ গকুলপুৰী অঞ্চলৰ এটা পৰিয়ালে জীৱন ৰক্ষাৰ বাবে খাব লগীয়া হৈছে ডাষ্টবিনত পেলাই দিয়া খাদ্যসামগ্ৰী ৷ ডাষ্টবিনৰ পৰা খাদ্য সংগ্ৰহ কৰি পৰিয়ালৰ মুৰব্বীয়ে নিজৰ লগতে পৰিয়াল তথা নিজৰ শিশু কেইটাৰো জীৱন ৰক্ষাৰ চেষ্টা কৰিছে ৷

দিল্লী চৰকাৰে দৰিদ্ৰ আৰু অৱস্থাহীন লোকসকলক যাৱতীয় সহায় কৰাৰ কথা উল্লেখ কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত কিন্তু আন এখন ছবিহে পৰিলক্ষিত হৈছে ৷ আশ্চৰ্যজনকভাৱে ৰাজধানী দিল্লীৰ একাংশ দৰিদ্ৰ লোকে ভোক নিবাৰণৰ বাবে ডাষ্টবিনৰ পেলনীয়া খাদ্য গ্ৰহণ কৰাৰ উপৰিও নিজৰ শৰীৰ ঢাকিবলৈ ব্যৱহাৰ কৰিছে বৰ্জিত অপৰিস্কাৰ বস্ত্ৰ ৷ ৰাজধানী নগৰীৰ ভিন্ন স্থানত এই লোকসকলে বৰ্জিত খাদ্য-বস্ত্ৰৰ সন্ধান চলায় ফুৰা পৰিলক্ষিত হৈছে ৷

ডাষ্টবিনত খাদ্যৰ সন্ধান দৰিদ্ৰ লোকৰ

ইটিভি ভাৰতৰ সাংবাদিক যেতিয়া এই পৰিয়াল সমূহৰ কাষ চাপিছিল,তেতিয়া তেওঁলোকে কৈছিল যে, "গকুলপুৰীৰ সমীপৰ এটা বস্তিত আমি বাস কৰোঁ আৰু স্বাভাৱিকতে আমি জীৱনৰ সৰ্বস্ব হেৰুৱাই পেলাইছোঁ ৷ এতিয়া আমাৰ হেৰুৱাবলৈ একোৱেই নাই ৷ এই পৰিস্থিতিত চৰকাৰে আমাক সহায় কৰা নাই ৷ আমি যিহেতু নিয়মীয়াকৈ খাদ্য খাবলৈ পোৱা নাই, গতিকে ডাষ্টবিনৰ বৰ্জিত খাদ্য গ্ৰহণ কৰাই শ্ৰেয় ৷ যেতিয়া পেটৰ ক্ষুধাৰ কথা আহি পৰে তেতিয়া স্বাস্থ্য আৰু পৰিস্কাৰ-পৰিচন্নতাৰ কথা ভাবিবলৈ নাথাকে "

আনহাতে, কৰ'ণা ভাইৰাছ আৰু লক্ ডাউন সন্দৰ্ভত তেওঁলোকে কয় যে, কৰ'ণা ভাইৰাছতকৈ আগত ভোকত মৃত্যু হ'ব তেওঁলোকৰ ৷ জীয়াই থাকিবলৈ তেওঁলোকক মাথো প্ৰয়োজন খাদ্য আৰু বস্ত্ৰৰ ৷ সেয়ে তেওঁলোক বাধ্য হৈছে এইদৰে চকু-কাণ বন্ধ কৰি উচিস্ত ভোজন কৰিবলৈ ৷

জীৱনৰ তাড়ণা

দেখা গৈছে যে, কৰ'ণাৰ বিৰুদ্ধে সমাজৰ সকলো স্তৰৰ লোক যিদৰে যুঁজত নামি পৰিছে, তাৰ সমান্তৰালকৈ এই দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে আন এখন যুঁজ চলাই যাবলগীয়া হৈছে জীয়াই থাকিবলৈ ৷ সেইয়া হৈছে ক্ষুধা নিবাৰণৰ যুঁজ ৷ লোহা-লক্কৰ খাই কোনো জীয়াই থাকিব নোৱাৰে ৷ গতিকে এইসকল লোকৰ বাবে এতিয়া ক্ষুধাৰ সমল হৈ পৰিছে ডাষ্টবিনৰ বৰ্জিত খাদ্য ৷ অন্যথা কৰ'ণাৰ সমান্তৰালকৈ খাদ্যৰ অভাৱত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে ৷

লগতে পঢ়ক :বিশ্বজুৰি কৰ'ণাৰ বিভীষিকাঃ মৃত্যু ৪ লাখৰো অধিক

ABOUT THE AUTHOR

...view details